স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ:চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্টত বেটিং বিপৰ্যয় ঘটিছে টীম ইণ্ডিয়াৰ ৷ কম সময়ৰ ব্যৱধানত ভাৰতে হেৰুৱাইছে এটাৰ পিছত আনটো উইকেট ৷
তৃতীয়টো উইকেটৰ পতনৰ পিছত চাৰি নম্বৰত দলটোৰ হৈ বেটিং কৰিবলৈ ক্ৰিজলৈ আহে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত ৷ বাংলাদেশৰ হাছান মাহমুদৰ দুৰ্দান্ত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি মেচৰ প্ৰথম ঘণ্টাতেই ভাৰতে 34 ৰাণৰ বিনিময়ত হেৰুৱাই 3 টাকৈ উইকেট ৷
টীম ইণ্ডিয়াৰ হৈ ৰাণ সংগ্ৰহত ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা, শুভমন গিল আৰু বিৰাট কোহলী ৷ অতি কম সময়ৰ ব্যৱধানত তিনিওগৰাকী বেটছমেন পেভিলিয়নমুখী হয় ৷
পন্ত আৰু দাসৰ মাজত তুংগত বাকযুদ্ধ:
ভাৰতীয় দলটো শ’লঠেকত পৰাৰ পিছত চাৰি নম্বৰত বেটিং কৰিবলৈ অহা ঋষভ পন্তে ৰাণ সংগ্ৰহৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে ৷ বেটছমেনগৰাকীয়ে মাথো বাউণ্ডেৰীতে কোবাবলৈ নহয়, সুযোগ পালেই সংগ্ৰহ কৰি গৈছিল এক এক ৰাণ ৷
ইয়াৰ মাজতে বলাৰে থ্ৰ’ কৰা এটা বলে আঘাত কৰে বেটছমেনগৰাকীক ৷ তাৰপিছতে প্ৰতিপক্ষৰ বলাৰ লিটন দাসৰ সৈতে তীব্ৰ বাকযুদ্ধত লিপ্ত হৈ পৰে ভাৰতীয় বেটছমেনগৰাকী ৷ দুয়ো দলৰ খেলুৱৈ দুগৰাকীৰ এই বাকবিতণ্ডাই ধাৰণ কৰে উগ্ৰ ৰূপ আৰু পৰৱৰ্তী সময়ত এই ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷