স্প’ৰ্টছ ডেস্ক: ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ব্ৰীছবেনৰ গাব্বা ষ্টেডিয়ামত চলি থকা তৃতীয়খন টেষ্ট মেচ সাক্ষী হৈ ৰৈছে বহু অভিলেখৰ ৷ এইখন খেলপথাৰতে ভাৰতৰ জনপ্ৰিয় তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৰচিছে অভিলেখ ৷
কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেৰিয়াৰৰ 100 নং (সকলোবোৰ ফৰ্মেটৰে) আন্তঃৰাষ্ট্ৰীয় মেচখনত অংশগ্ৰহণ কৰি এই অভিলেখ স্থাপন কৰে ৷
2 ৰাণ সংগ্ৰহ কৰিয়েই বিৰাটৰ অভিলেখ স্থাপন
বিৰাট কোহলীয়ে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ এক ডাঙৰ অভিলেখ ভংগ কৰিছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচত সংগ্ৰহ কৰা ৰাণৰ ক্ষেত্ৰত কোহলীয়ে ৰাহুলক অতিক্ৰম কৰিছে । গাব্বা টেষ্টত মাত্ৰ 2 ৰাণ সংগ্ৰহ কৰাৰ লগে লগে কোহলীয়ে এই কৃতিত্ব অৰ্জন কৰে ।
ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কোহলীৰ
ৰাহুল দ্ৰাবিড়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 62 টা টেষ্ট ইনিংছত সংগ্ৰহ কৰিছে 2,166 ৰাণ । আনহাতে, বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 48 টা টেষ্ট ইনিংছত 2,168 ৰাণ সংগ্ৰহ কৰে । যাৰ বাবে কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কৰিবলৈ সক্ষম হয় ।
ৰাহুল দ্ৰাবিড়ৰ সৈতে বিৰাট কোহলী (ANI Photo) বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট মেচত বিৰাট কোহলীয়ে শতক অৰ্জন কৰিছিল । পাৰ্থত দ্বিতীয় ইনিংছত কোহলীয়ে 100 ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল । ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে 17 টা শতকৰ সহায়ত বৰ্তমানলৈকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 100 খন আন্তঃৰাষ্ট্ৰীয় মেচ(সকলো ফৰ্মেট) ত 5,329 ৰাণ সংগ্ৰহ কৰিছে । শচীনৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 100 খন টেষ্ট মেচ খেলা দ্বিতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হৈছে কোহলী ।
উল্লেখ্য যে, গাব্বা টেষ্টৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছে 445 ৰাণ । তৃতীয় দিনটোত বেট ধৰা ভাৰতে প্ৰথম ইনিংছত 17 অভাৰত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 51 ৰাণ(বৰ্তমানলৈকে) । এই খেলখনত অভিলেখ স্থাপন কৰিলেও বেটৰ সৈতে উজ্বলি উঠাত পুনৰবাৰ ব্যৰ্থ হয় বিৰাট কোহলী ৷ ক্ৰিকেটাৰগৰাকীয়ে 16 টা বলত মাত্ৰ 3 ৰাণ সংগ্ৰহ কৰি হেজলউডৰ চিকাৰ হৈ পেভিলিয়নলৈ ওভতে ৷
লগতে পঢ়ক:ট্ৰেভিছ হেড-স্মিথৰ শতকৰে ব্ৰীছবেন টেষ্টত শক্তিশালী স্থিতি অষ্ট্ৰেলিয়াৰ