স্প’ৰ্টছ ডেস্ক:ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট 14 ডিচেম্বৰৰ পুৱা 5:50 বজাৰ পৰা আৰম্ভ হ'ব । এই খেলখনৰ পূৰ্বে শুকুৰবাৰে অষ্ট্ৰেলিয়াই ঘোষণা কৰিছে মূল একাদশ ৷
কেংগাৰু বাহিনীৰ প্লেয়িং-11 ত স্থান লাভ কৰিছে জছ হেজলউডে ৷ আঘাতৰ বাবে এডিলেইড টেষ্টৰ পৰা বাদ পৰা খেলুৱৈগৰাকীক ব্ৰীছবেনত ভাৰতৰ বিৰুদ্ধে খেলা দেখা যাব ।
মূল একাদশত স্থান লাভ হেজলউডৰ
তৃতীয় টেষ্টৰ বাবে অষ্ট্ৰেলিয়াই স্কট বোলেণ্ডক দলৰ পৰা বাদ দিছে । তেওঁৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে জছ হেজলউডক ৷ অধিনায়ক পেট কামিন্সে নিশ্চিত কৰিছে যে হেজলউডক গাব্বাত স্কট বোলেণ্ডৰ স্থানত খেলাৰ সুযোগ প্ৰদান কৰা হৈছে ৷ ইয়াৰ বাহিৰে দলটোত আন কোনো পৰিৱৰ্তন কৰা হোৱা নাই ৷ প্ৰথম আৰু দ্বিতীয় টেষ্টত খেলা একেটা দলেই তৃতীয় টেষ্টতো খেলা দেখা যাব ।
হেজলউডৰ পাৰ্শ্বচাপৰ সমস্যা আছিল, যাক লৈ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চিকিৎসা কৰ্মচাৰীসকলে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাৰ পূৰ্বে চিন্তিত আছিল । ইয়াৰ পিছত খেলুৱৈগৰাকী দ্বিতীয় টেষ্টৰ পৰাও বাহিৰ হৈছিল ।