স্প’ৰ্টছ ডেস্ক: বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত ভাৰতৰ বিৰুদ্ধে 104 ৰাণত সীমাবদ্ধ অষ্ট্ৰেলিয়া ৷ যিটো ভাৰতৰ বিৰুদ্ধে ঘৰুৰ মাটিত অষ্ট্ৰেলিয়াৰ দ্বিতীয় সৰ্বনিম্ন স্ক'ৰ ।
পাৰ্থত ভাৰতীয় বলাৰসকলে বিশেষকৈ অধিনায়ক যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি দলক 46 ৰাণৰ অগ্ৰগতি প্ৰদান কৰে ৷ অধিনায়কগৰাকীয়ে 5 টাকৈ উইকেট দখল কৰি প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিলদেৱৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰে ৷
কপিলদেৱৰ অভিলেখৰ সৈতে সমতা স্থাপন বুমৰাহৰ
পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছত ভাৰতৰ সোঁহতীয়া ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে দখল কৰে 5 টাকৈ উইকেট ৷ টেষ্ট ক্ৰিকেটত একাদশবাৰৰ বাবে খেলুৱৈগৰাকীয়ে পাঁচটা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে । সমান্তৰালকৈ বুমৰাহ পৰিণত হৈছে এছ ই এন এ (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া) আদি দেশবোৰত সৰ্বাধিক 5 টা উইকেট লাভ কৰা ভাৰতীয় বলাৰত ৷
এই দেশবোৰত 5 টা উইকেট দখল কৰি বুমৰাহে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা অধিনায়ক কপিলদেৱৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰে ৷ দুয়োগৰাকী সম্প্ৰতি যুটীয়াভাৱে বিদেশৰ মাটিত 5 টা উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাৰ শীৰ্ষস্থানত আছে ৷