স্প’ৰ্টছ ডেস্ক: চেম্পিয়নছ ট্ৰফীক লৈ চলি থকা উৎকণ্ঠাৰ অৱশেষত পৰিল অন্ত ৷ 2025 চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চত পাকিস্তানে আয়োজন কৰিবলগা আই চি চি চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব হাইব্ৰিড মডেলত ৷
ইয়াৰোপৰি ভাৰতে আয়োজন কৰিবলগা আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ 2025 আৰু ভাৰত-শ্ৰীলংকাত অনুষ্ঠিত হ'বলগীয়া আই চি চি পুৰুষ টি-20 বিশ্বকাপ 2026 প্ৰতিযোগিতাও একেটা মডেলত অনুষ্ঠিত হ'ব । যাৰ বাবে পৰৱৰ্তী সময়ত পাকিস্তানে ভাৰতত নেখেলাটো স্পষ্ট হৈ পৰিছে ৷
এতিয়াৰে পৰা পাকিস্তানেও নেখেলে ভাৰতত
আই চি চিয়ে বৃহস্পতিবাৰে 2024-2027 বৰ্ষত আই চি চি ইভেণ্টত যিকোনো দেশে আয়োজন কৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলসমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱাটো নিশ্চিত কৰে । ইয়াৰ পূৰ্বে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পি চি বি) চেম্পিয়নছ ট্ৰফী 2025 হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাৰ বিষয়ত আই চি চিৰ সন্মুখত ৰাখিছিল কিছু চৰ্ত ।
এই চৰ্তসমূহৰ মাজৰ এটা চৰ্ত আছিল যে, এতিয়াৰে পৰা পাকিস্তানে ভাৰতত কোনো আই চি চি টুৰ্ণামেণ্টৰ মেচত অংশগ্ৰহণ নকৰে, বিপৰীতে নিৰপেক্ষ স্থানত সকলোবোৰ খেল অনুষ্ঠিত হোৱাটো বিচাৰে ৷ যিটো চৰ্তত আই চি চি-য়ে সন্মতি প্ৰকাশ কৰিছে ৷
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আই চি চিৰ নতুন অধ্যক্ষ জয় শ্বাহৰ উপস্থিতিত 5 ডিচেম্বৰত ব'ৰ্ডৰ সকলো সদস্যৰ এখন বৈঠক অনুষ্ঠিত হৈছিল । য'ত 15 গৰাকী পৰিষদৰ সদস্যই হাইব্ৰিড মডেলত সন্মতি প্ৰদান কৰিছিল ৷ বৈঠকত অংশগ্ৰহণ কৰা পাকিস্তানে এই সিদ্ধান্তৰ বিৰোধিতা কৰা নাছিল ।
চেম্পিয়নছ ট্ৰফী 2025 ৰ সময়সূচী ঘোষণা কৰিবলৈ এতিয়াও বাকী