নতুন দিল্লী :আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আয়োজন কৰিছে বৰ্তমানৰ চেম্পিয়ন পাকিস্তানে । ৮ বছৰৰ মূৰত পুনৰ অনুষ্ঠিত হ'বলৈ আগবঢ়া প্ৰতিযোগিতাখনৰ এইবাৰৰ সংস্কৰণত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিব । এই দলকেইটাৰ মাজত মুঠ ১৫ খন মেচ অনুষ্ঠিত হ'ব ।
উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীৰ প্ৰথম সংস্কৰণ ১৯৯৮ চনত বাংলাদেশত অনুষ্ঠিত হৈছিল । উদ্বোধনী সংস্কৰণত চেম্পিয়নৰ মুকুট শিৰোধান কৰিছিল দক্ষিণ আফ্ৰিকাই । আনহাতে, ভাৰত আৰু শ্ৰীলংকাই ২০০২ চনত এই সন্মান যুটীয়াভাৱে দখল কৰিছিল । ইয়াৰ পিছত ৱেষ্ট ইণ্ডিজ (২০০৪), অষ্ট্ৰেলিয়া (২০০৬ আৰু ২০০৯) আৰু ভাৰতেও (২০১৩) এই খিতাপ দখল কৰিছিল । শেহতীয়াকৈ পাকিস্তানে ২০১৭ চনত চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছিল ।
আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ কোনটো গ্ৰুপত কোন দল
এইবাৰৰ প্ৰতিযোগিতাৰ ৮ টা দলক দুটা গ্ৰুপত বিভক্ত কৰা হৈছে ।
গ্ৰুপ এ : ভাৰত, পাকিস্তান, বাংলাদেশ, নিউজীলেণ্ড
গ্ৰুপ বি : আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা
১৯ ফেব্ৰুৱাৰীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত উদ্বোধনী মেচৰ সৈতে চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ'ব । প্ৰথমখন ছেমি ফাইনেল ৪ মাৰ্চত ডুবাইত আৰু দ্বিতীয়খন ৫ মাৰ্চত লাহোৰত অনুষ্ঠিত হ'ব । আনহাতে, ফাইনেল মেচ ৯ মাৰ্চত অনুষ্ঠিত হ'ব । ফাইনেলত ভাৰতৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি ডুবাই বা লাহোৰ সম্ভাৱ্য স্থান হ'ব । ভাৰতে পাকিস্তানত খেলিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ পিছত প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে ।
চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বা যোগ্যতা অৰ্জন কৰা ৮ টা দল
ইতিমধ্যে মুঠ আঠটা দলৰ ভিতৰত ৬ টা দলে চেম্পিয়নছ ট্ৰফীৰ বাবে দল ঘোষণা কৰিছে । অৱশ্যে ভাৰত আৰু পাকিস্তানে এতিয়াও চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে তেওঁলোকৰ দল ঘোষণা কৰিবলৈ বাকী আছে । অষ্ট্ৰেলিয়াই সোমবাৰে এই মেগা প্ৰতিযোগিতাখনৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে ।