অসম

assam

ETV Bharat / sports

দ্ৰাবিড়-ৰোহিত-আগৰকাৰে লোৱা যিকোনো সিদ্ধান্তক মই সন্মান কৰো: দীনেশ কাৰ্তিক - IPL 2024

Dinesh Karthik: ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ (আৰ চি বি) দীনেশ কাৰ্তিকে আগন্তুক টি-২০ বিশ্বকাপ খেলিবলৈ আগ্ৰহী বুলি কয় যদিও ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অধিনায়ক ৰোহিত শৰ্মাই লোৱা সিদ্ধান্তৰ প্ৰতিও শ্ৰদ্ধা প্ৰকাশ কৰে আৰু তালিকা মুখ্য নিৰ্বাচক অজিত আগৰকাৰে প্ৰস্তুত কৰিব ।

IPL 2024
DINESH KARTHIK

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 8:50 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিল: ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ উইকেট কীপাৰ বেটছমেন দীনেশ কাৰ্তিকে দৃঢ়তাৰে কয় যে তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰক সন্মান জনাইছে । যিসকলে তেওঁলোকৰ নেতৃত্বত আছে আৰু ভাৰতীয় ক্ৰিকেট দলৰ বাবে শ্ৰেষ্ঠ ভাৰতীয় দলটো কেনে হ’ব লাগে সেইটো নিৰ্ণয় কৰিব । আগন্তুক টি-২০ বিশ্বকাপ, ১ জুনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত আৰম্ভ হ’ব ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চলি থকা ১৭ সংখ্যক ছিজনত বেটিঙত ব্যতিক্ৰমী ৰূপ ধাৰণ কৰিছে দীনেশ কাৰ্তিকে । বিৰাট কোহলী (৩৬১) আৰু অধিনায়ক ফাফ ডু প্লেছিছ (২৩২)ৰ পিছত গড়ে ৭৫.৩৩ ৰান সংগ্ৰহ কৰি ২০৫.৪৫ ৰ আচৰিত ষ্ট্ৰাইক ৰেটত ছখন খেলত ২২৬ ৰান সংগ্ৰহ কৰি এই বছৰ আৰচিবিৰ হৈ তৃতীয় স্থানত আছে কাৰ্তিক ।

খেলৰ পূৰ্বে সংবাদমেলত ভাষণ দি কাৰ্তিকে কয়, "মই অনুভৱ কৰোঁ যে বিশ্বকাপৰ বাবে ভাৰতৰ শ্ৰেষ্ঠ দল কোনটো হ'ব লাগে সেইটো নিৰ্ণয় কৰিবলৈ ৰাহুল দ্ৰাবিড়, ৰোহিত শৰ্মা আৰু অজিত আগৰকাৰ আছে । তেওঁলোক তিনিওজন অতি সুস্থিৰ, সৎ লোক । মই সম্পূৰ্ণ তেওঁলোকৰ লগত । তেওঁলোকে লোৱা যিকোনো সিদ্ধান্তক মই সন্মান কৰো । কিন্তু মই মাত্ৰ ক’ব পাৰো যে মই ১০০% সাজু হৈছোঁ । আপুনি জানে যে মই বিশ্বকাপলৈ সেই বিমানখনত থাকিবলৈ যিমান পাৰো সকলো কৰিম ।"

উইকেটকীপাৰ বেটছমেনগৰাকীয়ে লগতে মন্তব্য কৰে, "মোৰ জীৱনৰ টি-২০ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰাতকৈ ভাল একোৱেই নাই আৰু সেয়া হ’ব আটাইতকৈ ডাঙৰ অনুভৱ ।"

ঘৰুৱা চাৰ্কিটত তামিলনাডুৰ হৈ খেলা ৩৮ বছৰীয়া কাৰ্তিকে ফিনিছাৰ হিচাপেও কিছু উজ্জ্বল ইনিংছ খেলিছে । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে তেওঁৰ ৮৩ ৰানৰ নকটোৱে তেওঁৰ সামৰ্থ্য আৰু বৰ্তমান তেওঁৰ ফৰ্মৰ প্ৰমাণ দিছিল ।

আই পি এলৰ ইতিহাসৰ সৰ্বোচ্চ লক্ষ্য ২৮৮ ৰানৰ পিছত ৯ অভাৰৰ অন্তত ১১১/৩ ৰানত সংগ্ৰাম কৰি থকাৰ সময়তে তেওঁ চাপত পৰি মাত্ৰ ৩৫টা বলত ক্ষীপ্ৰ ৮৩ ৰান সংগ্ৰহ কৰিছিল । তেওঁ আউট নোহোৱালৈকে আৰচিবিক জয়ী কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছিল কিন্তু দলটোৱে মেচখনত মাত্ৰ ২৫ ৰানত পৰাস্ত হৈছিল ।

"চাওক, মই ভাবো আজিকালি এজন খেলুৱৈ হিচাপে আপুনি আপোনাৰ শক্তি বুজিব লাগিব । মই ৰাছেল বা পোলাৰ্ড নহয় যিয়ে বল এটা মিছিট কৰি তাৰ বাবে ছয় লাভ কৰিব পাৰে । গতিকে মই কেনেকৈ বুজিব লাগিব । মই কেনেকৈ গেপ বিচাৰোঁ, যাতে বাউণ্ডেৰীৰ বাবে মাৰিব পাৰো । মই বুজিলোঁ যে এটা নিৰ্দিষ্ট আৰ্হি আছে য’ত বলাৰসকলে মোক বলিং কৰে । গতিকে, তাৰ বাবে মই চেষ্টা কৰি সমাধান উলিয়াব লাগে । সেয়েহে, যেতিয়া মই অনুশীলন কৰো, তেতিয়া মই চেষ্টা কৰো আৰু বুজি লওঁ যে ঠিক আছে, এইদৰেই তেওঁলোকে মোক বলিং কৰিব ।" কাৰ্তিকে কয় ।

ইয়াৰ পূৰ্বে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই আগন্তুক টি-২০ বিশ্বকাপৰ বাবে খেলুৱৈ নিৰ্বাচনৰ সন্দৰ্ভত আৰচিবিৰ বেটছমেনক জোকাই থকা দেখা গৈছিল । পিছত বেটছমেনে মাত্ৰ ২৩টা বলত ৫৩ ৰান কৰি মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ বিৰুদ্ধে ২০ অভাৰত ১৯৬ ৰান সংগ্ৰহ কৰাত সহায় কৰিছিল মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত । "চাব্বাচ ডি কে! ৱৰ্ল্ডকাপ খেলনা হায় অভী ।" ৰোহিতে কাৰ্তিকক ষ্টাম্প মাইকত কোৱাৰ কথা শুনা গৈছিল ।

লগতে পঢ়ক:খেল পথাৰত ধোনীৰ প্ৰৱেশৰ লগে লগেই কুইন্টন ডি ককৰ পত্নীয়ে লাভ কৰিলে ৱাৰ্ণিং - IPL 2024 LSG Vs CSK

ABOUT THE AUTHOR

...view details