অসম

assam

By ETV Bharat Sports Team

Published : Jun 30, 2024, 8:40 AM IST

ETV Bharat / sports

T20 বিশ্বকাপ ২০২৪ ত ভাৰতৰ জয়; অন্ত পৰিল মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কেৰিয়াৰৰ যাত্ৰা - T20 world cup 2024

Head Coach Rahul Dravid Ends His Career : ২০২৪ ৰ টি-২০ বিশ্বকাপত বিজয়ৰ খিতাপ অৰ্জন কৰিলে ভাৰতে ৷ ভাৰতে বিশ্বকাপত জয়লাভ কৰাৰ পাচতে দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰো নিজৰ কাৰ্যকালৰ যাত্ৰা অন্ত পৰে । ইয়াৰ লগে লগে ভাৰতীয় দলৰ বাবে নিয়োগ কৰা নতুন মুখ্য প্ৰশিক্ষকক ৷

Head Coach Rahul Dravid Ends His Career
T20 বিশ্বকাপ ২০২৪ ত ভাৰতৰ জয়; অন্ত পৰিল মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কেৰিয়াৰৰ যাত্ৰা (ANI)

স্পৰ্টছ ডেস্ক, ৩০ জুন :প্ৰাক্তন ভাৰতীয় বেটছমেন ৰাহুল দ্ৰাবিড়ে ২০২৪ ৰ টি-২০ বিশ্বকাপ সমাপ্ত হোৱাৰ পাচতে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিজৰ খেলৰ কাৰ্যকালৰ যাত্ৰাৰ সামৰণি মাৰে ৷ বাৰ্বাডোছৰ কেনচিংটন অ’ভেলত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেল মেচত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰে ৷ টেষ্টৰ বিশেষজ্ঞ তথা অন্যতম শ্ৰেষ্ঠ বেটছমেন দ্ৰাবিড়ৰ বাবে এয়া আছিল সুমধুৰ যাত্ৰাৰ সামৰণি ।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অল-ৰাউণ্ডাৰ তথা সুপৰিচিত কমেন্টৰ ৰবি শাস্ত্ৰীৰ ঠাইত ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাটো তেওঁৰ প্ৰথম এচাইনমেণ্ট আছিল ।

বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী আৰু ভাৰত ১৯ বছৰ অনুৰ্ধ দলৰ মুৰব্বী আছিল দ্ৰাবিড় ৷ ইয়াৰ পাচতে তেওঁ ছিনিয়ৰ দলটোৰ প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰে । আইচিচি টি-২০ বিশ্বকাপ ২০২৩ ৰ পিছত তেওঁৰ প্ৰথম কাৰ্যকালৰ অন্ত পৰে ৷ যি অন্তিম সময়ত চেম্পিয়ন অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় ৷

লগতে পঢ়ক :7 ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে ৰচিলে বিজয়ৰ ইতিহাস; প্লেয়াৰ অৱ দ্য মেচ কোহলী, প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট বুমৰাহ - IND vs SA Final

পৰাজয়ৰ পাচতো বিচিচিআইয়ে তেওঁলোকক টি-২০ বিশ্বকাপ ২০২৪ ৰ শেষলৈকে সময় বৃদ্ধি কৰে । মুখ্য প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে খেলৰ তিনিওটা ফৰ্মেট ক্ৰমে টি-২০, এদিনীয়া আৰু টেষ্টত যথেষ্ট সফলতা অৰ্জন কৰিছে ।

খেলুৱৈসকলে ৰাহুল দ্ৰাবিড়ক অতিশয় শ্ৰদ্ধা কৰে আৰু ‘দ্য ৱাল’ৰ বাবে আই চি চিৰ ট্ৰফী লাভ কৰিবলৈ আগ্ৰহী আছিল ৷ কিয়নো ৰাহুল খেলি থকা সময়ত ‘জেমী’ নামেৰে পৰিচিত আছিল । খেলুৱৈ হিচাপে নিজৰ সমগ্ৰ কেৰিয়াৰত ৰাহুল দ্ৰাবিড়ে আইচিচিৰ কোনো ট্ৰফী জিকিব পৰা নাছিল আৰু তেওঁৰ অধিনায়কত্বৰ সময়তেই ২০০৭ চনত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা আইচিচি এদিনীয়া বিশ্বকাপৰ প্ৰথম ৰাউণ্ডত ভাৰত বাহিৰ হৈছিল ৷

লগতে পঢ়ক :১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 world cup 2024

২০১৮ চনত পৃথ্বী শ্ব’ নেতৃত্বাধীন ভাৰতীয় দলটোৱে খিতাপ দখল কৰাৰ সময়ত দ্ৰাবিড়ে ১৯ বছৰ অনুৰ্ধৰ মুখ্য প্ৰশিক্ষক হিচাপে বিশ্বকাপ জয় কৰে । ভাৰতীয় দলৰ খেলুৱৈসকলে বেংগালুৰুত বাস কৰা দ্ৰাবিড়ক এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ আগ্ৰহী আছিল যদিও সেয়া নহ’ল ।

বিচিচিআইৰ সম্পাদক জে শ্বাহে স্পষ্ট কৰি দিছে যে যদি দ্ৰাবিড়ে প্ৰশিক্ষক হৈ থাকিব বিচাৰে, তেন্তে পুনৰ আবেদন কৰিব লাগিব । অৱশ্যে প্ৰাক্তন সোঁহাতৰ বেটছমেনগৰাকীয়ে আৱেদন নকৰিলে ভাৰতে নতুন প্ৰশিক্ষক লাভ কৰিব । এইদৰে ঘৰুৱা চাৰ্কিটত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰা দ্ৰাবিড়ৰ বাবে টি-২০ বিশ্বকাপ জয়ৰ সুখৰ যাত্ৰা অন্ত পৰে ।

লগতে পঢ়ক :ভাৰত-দক্ষিণ আফ্ৰিকাৰ যুঁজ : কোহলীৰ ৰাজকীয় 76 ৰাণ, T-20 বিশ্বকাপত সাৰ্বাধিক মুঠ স্ক’ৰ সংগ্ৰহ ভাৰতৰ - T20 World Cup Final

ABOUT THE AUTHOR

...view details