স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ:ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই শুকুৰবাৰে ভৰি দিলে 31 বছৰত । 1993 চনৰ 11 অক্টোবৰত জন্মগ্ৰহণ কৰা হাৰ্দিকক তেওঁৰ জন্মদিনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) অফিচিয়েল সামাজিক মাধ্যমৰ একাউণ্ট এক্সৰ জৰিয়তে প্ৰদান কৰিছে শুভেচ্ছা ৷
বি চি চি আইয়ে ক্ৰিকেটাৰগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই লিখিছিল, "আই চি চি পুৰুষ টি 20 বিশ্বকাপ 2024 বিজয়ী দলৰ সদস্য, অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়ালৈ জন্মদিনৰ শুভেচ্ছা" ৷ হাৰ্দিকে টি 20 বিশ্বকাপৰ ফাইনেল মেচত ডেথ অভাৰত কৰিছিল বলিং ৷ খেলুৱৈগৰাকীয়ে বলিং কৰা অভাৰৰ সময়তে ভাৰতৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰলৈ যোৱা খেলখনলৈ ঘূৰি আহিছিল ছন্দ ৷
বিশ্বকাপৰ ফাইনেলত হাৰ্দিকে বিপদজনক বেটছমেন হেনৰিখ ক্লাছেনক আউট কৰি মেচখনৰ গতিপথ কৰিছিল সলনি ৷ যাৰ বাবে ভাৰতে 17 বছৰৰ পিছত টি 20 বিশ্বকাপ জিকিবলৈ সক্ষম হৈছিল ৷ হাৰ্দিকে 3 অভাৰত মাত্ৰ 20 ৰাণ ব্যয় কৰি তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৷
দুবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা স্বত্বেও অকলশৰীয়া
শেহতীয়াকৈ পত্নী নাতাশাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছৰে পৰা অকলশৰীয়া জীৱন অতিবাহিত কৰিছে ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে । টি 20 বিশ্বকাপৰ পিছত হাৰ্দিকে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ ৰাজহুৱা কৰিছিল ৷ অৱশ্যে, ক্ৰিকেটাৰগৰাকীয়ে ছাৰ্বিয়ান অভিনেত্ৰী নাতাশা ষ্টেনক’ভিচৰ সৈতে দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল ৷ প্ৰতিবাৰেই ভিন্ন ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল হাৰ্দিক-নাতাশা ৷ দুয়োৰে বৈবাহিক জীৱনৰ সাক্ষীস্বৰূপে পুত্ৰ অগ্যস্ত তেওঁলোকৰ মাজলৈ আহে ৷ সম্প্ৰতি হাৰ্দিক-নাতাশাই পৃথকে পৃথকে বাস কৰি আছে ৷