অসম

assam

ETV Bharat / sports

কোনবোৰ কাৰণত বিবাহ বিচ্ছেদ হৈছিল হাৰ্দিক-নাতাশাৰ ? পোহৰলৈ আহিছে বিস্ফোৰক তথ্য... - HARDIK NATASHA DIVORCE

Hardik-Natasha: ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী, মডেল পত্নী নাতাশাৰ কিছুদিন পূৰ্বে হৈছিল বিবাহ বিচ্ছেদ ৷ কিন্তু সেই সময়ত এই বিচ্ছেদৰ কাৰণ পোহৰলৈ অহা নাছিল ৷ পিছে প্ৰকৃত সত্য লুকাই নাথাকে ৷ যাৰ বাবে হাৰ্দিক-নাতাশাৰ বিবাহ বিচ্ছেদৰ কাৰণসমূহো কিছু পলমকৈ হ’লেও ৰাজহুৱা হৈ পৰিছে ৷

HARDIK NATASHA DIVORCE
হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টানক’ভিচ (IANS AND ANI PHOTOS)

By ETV Bharat Sports Team

Published : Aug 25, 2024, 4:43 PM IST

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট:বিভিন্ন প্ৰকাৰৰ উৰাবাতৰিক সঁচা প্ৰমাণিত কৰি কিছুদিন পূৰ্বে বিবাহ বিচ্ছেদ ঘটিছিল ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু ছাৰ্বিয়ান অভিনেত্ৰী-মডেল নাতাশা ষ্টানক’ভিচৰ ৷ হাৰ্দিকে নিজেই সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ ৰাজহুৱা কৰিছিল ৷ কিছু পলমকৈ হ’লেও হাৰ্দিক-নাতাশাৰ বিবাহ বিচ্ছেদৰ কাৰণসমূহ পোহৰলৈ আহিছে ৷

নাতাশাৰ এক ঘনিষ্ঠ সূত্ৰই দুয়োজনৰ বিবাহ বিচ্ছেদৰ কাৰণসমূহ ৰাজহুৱা কৰা বুলি সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ প্ৰতিবেদন অনুসৰি, বিভিন্ন ব্যক্তিত্বৰ বাবে তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ ঘটিছে ।

নাতাশাৰ ঘনিষ্ঠ এক সূত্ৰই হাৰ্দিক পাণ্ডিয়া অত্যাধিক অহংকাৰী বাবেই এই বিচ্ছেদ ঘটা বুলি দাবী কৰিব খোজে । যি কথা পত্নী হিচাপে নাতাশাই সহ্য কৰিব নোৱাৰিলে । সূত্ৰটোৱে লগতে কয় যে, নাতাশাই হাৰ্দিকৰ জীৱনত স্থান লোৱাৰ বাবে যথাসাধ্য চেষ্টা অব্যাহত ৰখাৰ পিছতো দুয়োগৰাকীৰ মাজত এক বৃহৎ পাৰ্থক্য ৰৈ গৈছিল আৰু সময়ৰ লগে লগে ই অধিক বৃদ্ধি পাইছিল ৷

লগতে পঢ়ক:একাধিকবাৰ বিয়াত বহিও চিৰস্থায়ী নহ’ল নাতাশা-হাৰ্দিকৰ সম্পৰ্ক - Hardik Natasa Divorce

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, নাতাশাই প্ৰথমতে খেলুৱৈগৰাকীৰ ব্যক্তিত্ব গ্ৰহণ কৰিবলৈ চেষ্টা কৰি সন্মুখীন হৈছিল প্ৰত্যাহ্বানৰ ৷ পৰৱৰ্তী সময়ত পত্নী নাতাশাই পাণ্ডিয়াক সলনি কৰিবলৈ চেষ্টা কৰিছিল । সকলো চেষ্টা বৃথা হোৱাৰ পিছত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত দুয়োগৰাকীৰ বাবে সঠিক বুলি বিবেচনা কৰে ৷

প্ৰতিবেদন অনুসৰি, তেওঁলোকৰ ঘনিষ্ঠ বন্ধুসকলে জনোৱা মতে, এই সিদ্ধান্ত গ্ৰহণ কৰা নাতাশাৰ বাবে কঠিন আছিল যদিও পুত্ৰ অগষ্ট্যৰ ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় আছিল ৷

বিবাহ বিচ্ছেদৰ পিছত পুত্ৰৰ সৈতে ছাৰ্বিয়ালৈ উভতি যায় হাৰ্দিকৰ পত্নী নাতাশা ৷ টি-20 বিশ্বকাপত এক চমৎকাৰ প্ৰদৰ্শনৰ পিছত হাৰ্দিক পাণ্ডিয়া ক্ৰিকেটৰ পৰা আঁতৰি আছিল ।

বিশ্বকাপৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত 3 খন মেচৰ টি-20 শৃংখলাটোত অংশগ্ৰহণ কৰিছিল ৷ অৱশ্যে এই সময়ছোৱাত, বি চি চি আইয়ে এক আশ্চৰ্যজনক সিদ্ধান্ত গ্ৰহণ কৰে আৰু টি-20 ৰ পৰা ৰোহিত শৰ্মাই অৱসৰ ঘোষণা কৰাৰ পিছত দলটোৰ অধিনায়কৰ দায়িত্ব হাৰ্দিক পাণ্ডিয়াক অৰ্পণ কৰে ৷

লগতে পঢ়ক:অগস্ত্যৰ জন্মদিন: নাতাশা-হাৰ্দিকে ফটো ভিডিঅ’ পোষ্ট কৰি জনাইছে জন্মদিনৰ শুভেচ্ছা - Natasa Hardik son Agatsya birthday

ABOUT THE AUTHOR

...view details