অসম

assam

ETV Bharat / sports

বিশ্বকাপৰ নায়কৰ পৰা টীম ইণ্ডিয়াৰ প্ৰশিক্ষকলৈ; কেনে আছিল গৌতম গম্ভীৰৰ এই যাত্ৰা - HAPPY BIRTHDAY GAUTAM GAMBHIR

Gautam Gambhir 43rd birthday: কেতিয়াও হাৰ নমনা স্বভাৱৰ বাবে জনাজাত টীম ইণ্ডিয়াৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য গৌতম গম্ভীৰ ৷ গম্ভীৰৰ আজি 43 সংখ্যক জন্মদিন ৷

HAPPY BIRTHDAY GAUTAM GAMBHIR
গৌতম গম্ভীৰৰ আজি জন্মদিন (AFP Photo)

By ETV Bharat Sports Team

Published : Oct 14, 2024, 1:10 PM IST

স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: 1981 চনৰ 14 অক্টোবৰত দিল্লীত জন্ম হৈছিল ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ । আই চি চি টুৰ্ণামেণ্ট আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল) ত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে পৰিচিত টীম ইণ্ডিয়াৰ প্ৰাক্তন বাওঁহতীয়া অ’পেনাৰগৰাকী ।

দুটাকৈ বিশ্বকাপৰ বিজয়ত গুৰুত্বপূৰ্ণ অৱদান

2011 চনৰ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে 97 ৰাণ সংগ্ৰহ কৰিছিল টীম ইণ্ডিয়াৰ প্ৰাক্তন বেটছমেন গৌতম গম্ভীৰে ৷ যাৰ ফলত ভাৰতে অৰ্জন কৰিছিল দ্বিতীয়টো বিশ্বকাপৰ খিতাপ ৷ 2007 চনৰ টি 20 বিশ্বকাপৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে গম্ভীৰৰ 75 ৰাণৰ ইনিংছটোও আছিল সমানে গুৰুত্বপূৰ্ণ, যিয়ে ভাৰতৰ ঐতিহাসিক জয়ৰ ভেটি স্থাপন কৰাৰ লগতে মেন ইন ব্লুক সন্মানজনক স্ক’ৰ সংগ্ৰহত সহায় কৰিছিল ৷

টেষ্ট ক্ৰিকেটতো আছিল গুৰুত্বপূৰ্ণ অৱদান

গৌতম গম্ভীৰে ভাৰতৰ হৈ টেষ্ট মেচত 46 ৰ আকৰ্ষণীয় গড়ত সংগ্ৰহ কৰিছে 4154 ৰাণ । তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ স্ক'ৰ হৈছে দিল্লীত ঘৰুৱা খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 206 ৰাণৰ ইনিংছ ৷ নেপিয়াৰত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁৰ 137 ৰাণ নিশ্চিতভাৱে টেষ্টৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ, য'ত তেওঁ দ্বিতীয় টেষ্টত ভাৰতক এককভাৱে পৰাজয়ৰ গৰাহৰ পৰা বাহিৰলৈ আনিছিল । গম্ভীৰে প্ৰায় 643 মিনিট বেটিং কৰিছিল আৰু 436 টা বলৰ সন্মুখীন হৈ মেচখন অমীমাংসিতভাৱে সামৰণি পৰাত সহায় কৰিছিল ।

ছেহৱাগৰ সৈতে উৎকৃষ্ট যুটীয়া ইনিংছ

ভাৰতৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগৰ সৈতে বাওঁহতীয়া বেটছমেনগৰাকীৰ অংশীদাৰিত্ব সদায়ে স্মৰণীয় হৈ থাকিব ৷ যিয়ে 2003 ৰ পৰা 2013 চনৰ ভিতৰত 153 টা ইনিংছত 17 টা শতক আৰু 36 টা অৰ্ধশতকৰ অংশীদাৰিত্বৰ সৈতে 48.31 গড়ে 7,199 ৰাণ সংগ্ৰহ কৰিছিল । কেৱল দীৰ্ঘতম ফৰ্মেটতে নহয়, ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটৰ ক্ষেত্ৰতো তেওঁ টি 20 ক্ৰিকেটত ভাৰতৰ হৈ যথেষ্ট উন্নত প্ৰদৰ্শন আগবঢ়াইছিল ৷ 119 ৰ ষ্ট্ৰাইক ৰেটত 932 ৰাণ সংগ্ৰহ কৰিছিল এইগৰাকী ক্ৰিকেটাৰে, যাক টি 20 ক্ৰিকেটত সামান্য কম বুলি গণ্য কৰা হয় ।

আই পি এলত দুৰ্দান্ত প্ৰদৰ্শন

গম্ভীৰৰ আই পি এল কেৰিয়াৰো স্বীকৃতিৰ যোগ্য । কলকাতা নাইট ৰাইডাৰ্ছৰ (কে কে আৰ) অধিনায়ক হিচাপে তেওঁ শ্বাহৰুখ খানৰ মালিকানাধীন দলটোক 2012 আৰু 2014 চনত চূড়ান্ত খিতাপ অৰ্জন কৰাত সহায় কৰিছিল ৷

গৌতম গম্ভীৰ আক্ৰমণাত্মক অধিনায়কত্ব আৰু নিৰ্ভৰযোগ্য বেটিঙৰ বাবে জনাজাত ৷ তেওঁ কে কে আৰৰ টপ অৰ্ডাৰ লাইন-আপৰ মেৰুদণ্ড সদৃশ আছিল ৷ আই পি এলৰ কেৰিয়াৰত 4,000 ৰো অধিক ৰাণ সংগ্ৰহ কৰিছিল গম্ভীৰে ।

অৱসৰৰ পিছত গম্ভীৰে আই পি এলত পৰামৰ্শদাতাৰ ভূমিকাৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষকৰ ভূমিকালৈ বহুকেইটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে । তেওঁ 2022 আৰু 2023 চনত আই পি এলৰ ছিজনত লক্ষ্ণৌ চুপাৰ জায়েণ্টছ (এল এছ জি) ৰ সৈতে সংযুক্ত হৈছিল আৰু দুয়োবাৰতে ফ্ৰেঞ্চাইজিটোক প্লে-অফলৈ লৈ গৈছিল । তেওঁৰ নেতৃত্বৰ অভিজ্ঞতাই দলটোৰ সফলতা গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

কেৱল সেয়াই নহয়, তেওঁ 2024 চনত কে কে আৰৰ পৰামৰ্শদাতা হিচাপে দলটোলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰে দলটোৱে ৷

দলৰ পুনৰ নিৰ্মাণৰ দায়িত্ব

শেহতীয়াকৈ ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰা গম্ভীৰে ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । প্ৰত্যক্ষ দৃষ্টিভংগীৰ বাবে জনাজাত গম্ভীৰক টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিয়া হয় ৷ বিশেষকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টি 20 ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত গম্ভীৰক দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয় । অৱশ্যে, প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিশ্বকাপ বিজয়ী প্ৰশিক্ষক হিচাপে প্ৰভাৱ পেলোৱাৰ পিছত এইটো সহজ নহ'ব ।

টীম ইণ্ডিয়াৰ পৰিৱৰ্তিত দৃষ্টিভংগী

গৌতম গম্ভীৰৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলৰ দৃষ্টিভংগী এতিয়ালৈকে বেট আৰু বল দুয়োটা ক্ষেত্ৰতে যথেষ্ট আক্ৰমণাত্মক হৈ আহিছে । ভাৰতে বেট-বল দুয়োটা ফৰ্মেটতে সৃষ্টি কৰিছে ইতিহাস ৷ বিগত দুসপ্তাহৰ ভিতৰত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰত টেষ্ট দলে টেষ্ট ক্ৰিকেটৰ ইতিহাসত বহুকেইটা অভিলেখ স্থাপন কৰিছে । শেহতীয়াকৈ সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতৰ যুৱ টি 20 দলে 20 অভাৰত 297/6 ৰাণ সংগ্ৰহ কৰি টি 20 ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক আৰু দ্বিতীয় সৰ্বাধিক মুঠ ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ স্থাপন কৰে ।

মুখ্য প্ৰশিক্ষক হিচাপে প্ৰত্যাহ্বান

43 বছৰীয়া বাওঁহতীয়া প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ বাবে ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে আটাইতকৈ ডাঙৰ কাম হ'ব ভাৰতক চেম্পিয়নছ ট্ৰফী 2025 আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি 25) 2025 ৰ ফাইনেলত বিজয়ী দলৰ খিতাপ অৰ্জনত সহায় কৰা ৷

লগতে পঢ়ক:পাকিস্তান ক্ৰিকেট দলত চলিল জেচিবি; বাবৰ-শ্বাহিনকে ধৰি চাৰি ক্ৰিকেটাৰক দেখুৱালে ঘৰৰ ৰাস্তা

ABOUT THE AUTHOR

...view details