অসম

assam

ETV Bharat / sports

প্ৰতিভাক পাখি মেলাৰ সুযোগ দিয়াৰ বাবে একক প্ৰচেষ্টাৰে সাজি উলিয়ালে এখন মঞ্চ - SWIMMING TRAINING CENTRE

একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিলে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্র । কোন এইগৰাকী ব্য়ক্তি ?

First swimming training centre
সাঁতোৰ প্ৰশিক্ষণ কেন্দ্র মুকলি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 2:17 PM IST

লখিমপুৰ:লখিমপুৰত মুকলি হ'ল জিলাখনৰ প্ৰথমটো সাঁতোৰ প্ৰশিক্ষণ কেন্দ্র । এই কেন্দ্ৰটো মুকলিৰ পিচতেই বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক সাঁতোৰ প্ৰতিযোগিতা । খেলমহাৰণৰ অংশ হিচাপে এই কেন্দ্রটোত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

উল্লেখ্য যে, পূব চান্দামাৰীৰ চৈয়দ মফিজুৰ ৰহমান নামৰ লোকজনে একক প্ৰচেষ্টাৰে জিলাখনৰ একমাত্র সাঁতোৰ প্ৰশিক্ষণ কেন্দ্রটো নিৰ্মাণ কৰে । ২০১৯ চনত আৰম্ভ কৰি কিছুদিনৰ পূৰ্বে এই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্রটোৰ নিৰ্মাণ কাৰ্য শেষ কৰা হৈছে । ইতিমধ্যে এই কেন্দ্রটোত দুই শতাধিক শিকাৰুৱে সাঁতোৰ প্ৰশিক্ষণ সমাপ্ত কৰিছে ৷

সাঁতোৰ প্ৰশিক্ষণ কেন্দ্র মুকলি (ETV Bharat Assam)

কেন্দ্রটোৰ তত্বাবধায়ক চৈয়দ মফিজুৰ ৰহমানে এই সন্দৰ্ভত কয়, "মোৰ এইটো সপোন আছিল । সাঁতোৰ শৈলীৰ জৰিয়তে নৱপ্ৰজন্মক আগুৱাই নিয়াৰ বাবে দেখা সপোন আজি পুৰণ হ'ল । মোৰ সৈতে কেন্দ্রটোৰ পৰিচালক সত্যজিৎ জেমছ আৰম্ভণিৰে পৰাই কাম কৰি আছে । আমি নৱপ্ৰজন্মক এই ক্ৰীড়াশৈলীৰ দিশত আগুৱাই নিয়াৰ প্ৰয়াস কৰিছো ।"

এই কেন্দ্রটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে এখন সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে । উল্লেখ্য যে চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা খেলমহাৰণৰ অংশ হিচাপে এই কেন্দ্রটোত সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । লখিমপুৰ সচেতন নাগৰিক সমাজৰ সম্পাদক ছাজাদ হাজৰিকাই আঁতধৰা উদ্বোধনী অনুষ্ঠানটোত প্ৰতিযোগিতাখন উদ্বোধন কৰে জিলা ক্ৰীড়া বিষয়া মানস প্ৰতীম দাসে ।

সাঁতোৰ প্ৰশিক্ষণ কেন্দ্র মুকলি (ETV Bharat Assam)

অনুষ্ঠানটোত ছাইৰ বিষয়া মৃণাল বসুমতাৰী, অধিবক্তা আচাবুৰ ৰহমান, সাংবাদিক কৰুণা কৃষ্ণ নাথ, সচেতন নাগৰিক সমাজৰ ৰেৱত চন্দ্র গগৈ, ডিম্বেশ্বৰ হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্রহণ কৰে । উদ্বোধনী অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিসকলে জিলাখনত স্থাপন কৰা এই একমাত্র সাঁতোৰ প্ৰশিক্ষণ কেন্দ্রটোৰ জৰিয়তে উঠি অহা প্ৰজন্মই এলভিছ আলী হাজৰিকাৰ দৰে বিশ্বৰ বুকুত চিনাকি দিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:ৰাজ্যত আৰম্ভ জিলা পৰ্যায়ৰ খেল মহাৰণ ২.০ - KHEL MAHARAN 2 0

কালাৰিপায়াট্টু ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা গোলাঘাটৰ দুই খেলুৱৈক আদৰণি - KALARIPAYATTU SPORT COMPETITION

ABOUT THE AUTHOR

...view details