স্প’ৰ্টছ ডেস্ক:ইংলেণ্ডৰ ক্ৰিকেট ব’ৰ্ড আৰু খেলুৱৈসকলৰ মাজত দেখা দিছে সংঘাত ৷ ব’ৰ্ডৰ অধীনষ্ঠ খেলুৱৈসকলে গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত ৷ পিছে কিহৰ বাবে ব’ৰ্ড আৰু খেলুৱৈসকলৰ মাজত দেখা দিছে এই সংঘাতে ?
শেহতীয়াকৈ ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে ইয়াৰ খেলুৱৈসকলক পাকিস্তান চুপাৰ লীগত খেলাৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰিছিল । ইয়াৰ লগতে আন দেশৰ ক্ৰিকেট লীগত খেলা বন্ধ কৰিবলৈও নিৰ্দেশ জাৰি কৰিছিল ৷
পৰিষদে ঘৰুৱা ক্ৰিকেট শক্তিশালী কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ যদি ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে ব’ৰ্ডে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছতো বিদেশী লীগত অংশগ্ৰহণ কৰে, তেন্তে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে তেওঁলোকক নিষিদ্ধ ঘোষণা কৰিব পাৰে । ই এছ পি এন ক্ৰিকইনফ’ৰ এক প্ৰতিবেদনে এই সিদ্ধান্তৰ নিশ্চিতি প্ৰকাশ কৰিছে ৷
ই চি বি আৰু ইংলেণ্ডৰ ক্ৰিকেটাৰসকলৰ মাজত সংঘাত
ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে ই চি বিৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি মুকলিকৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে এতিয়া ব’ৰ্ডৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা ভাবিছে । যাৰ বাবেই ব’ৰ্ড আৰু খেলুৱৈসকলৰ মাজত চলি থকা বিবাদ তুংগত উঠিছে ৷ খেলুৱৈসকলৰ মতে তেওঁলোকে ব’ৰ্ডৰ এই নীতিৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত নহয় ।
ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধাচৰণ ক্ৰিকেটাৰসকলৰ
এই খেলুৱৈসকলে অহা সপ্তাহত এখন সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই বৈঠকত খেলুৱৈসকলে এই অনাপত্তি প্ৰমাণপত্ৰ নীতি(NOC) ৰ সূক্ষ্মতা জনাৰ লগতে তেওঁলোকে বিষয়টোত ব'ৰ্ডৰ সৈতে কেনেদৰে মোকাবিলা কৰিব, তাৰ সিদ্ধান্ত ল'ব ।
ইচিবিৰ নীতিসমূহে খেলুৱৈসকলৰ বৃহৎ ক্ষতি কৰিছে । ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে পেছাদাৰী ক্ৰিকেটাৰ সংস্থাৰ (পি চি এ) উপৰিও হোৱাটছ এপ গ্ৰুপত ইজনে সিজনৰ সৈতে কথা পতাৰ নীতি প্ৰস্তুত কৰি আছে ।
ই চি বিৰ মুখ্য কাৰ্যবাহী ৰিচাৰ্ড গৌল্ডে কৈছিল যে, ঘৰুৱা ক্ৰিকেট শক্তিশালী কৰিবলৈ এই নীতি ৰূপায়ণ কৰা হৈছে । ইয়াৰ লগতে তেওঁ কয় যে, এই খেলুৱৈসকলক পি এছ এল(PSL) আৰু চি পি এল(CPL) ৰ দৰে আন দেশৰ ক্ৰিকেট লীগত খেলিবলৈ অনুমতি দিয়া হ'ব যদিহে তেওঁলোকে প্ৰথমে ঘৰুৱা লীগ টি-20 ব্লাষ্ট আৰু দ্য হাণ্ড্ৰেডত বাধাৰ সৃষ্টি নকৰি অংশগ্ৰহণ কৰে ৷
দৰাচলতে, আজিৰ সময়ত প্ৰতিখন দেশতে এখন ক্ৰিকেট লীগ খেলা হয় ৷ যাৰ ভিতৰত আছে পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দৰে ডাঙৰ দেশসমূহ । সমগ্ৰ দেশ আৰু বিশ্বৰ ক্ৰিকেটাৰসকলে এই লীগবোৰত অংশগ্ৰহণ কৰে ।
আনহাতে, বৰ্তমান সময়ত ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে দেশখনৰ ঘৰুৱা ক্ৰিকেট গাঁথনি শক্তিশালী কৰিব বিচাৰে । ভাৰতৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু ধনী লীগ । এই লীগটো ই চি বিৰ এই নিয়মৰ পৰা অৱশ্যে বাদ পৰিছে ৷
লগতে পঢ়ক:টেষ্টত 9000 ৰাণ সম্পূৰ্ণ কৰা নিউজিলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত কেন উইলিয়ামছন