অসম

assam

ETV Bharat / sports

24 ঘণ্টাত দুবাৰকৈ পৰাস্ত কেৰিবিয়ান দল; শৃংখলাত 2-0 ৰ অগ্ৰগতি - ENG VS WI T20 SERIES

Eng beat wi by 7 wickets: দ্বিতীয়খন টি-20 মেচত পৰাজয়ৰ সন্মুখীন ৱেষ্ট ইণ্ডিজ । 7 উইকেটত জয়লাভ কৰি শৃংখলাত 2-0 ৰ অগ্ৰগতি ইংলেণ্ডৰ ৷

ENG VS WI T20 SERIES
ইংলেণ্ডৰ ক্ৰিকেট দলটো (AP Photo)

By ETV Bharat Sports Team

Published : Nov 11, 2024, 3:17 PM IST

স্প’ৰ্টছ ডেস্ক:দ্বিতীয়খন টি-20 মেচত ইংলেণ্ড ক্ৰিকেট দলে 7 উইকেটত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে ৷ পাঁচখন খেলৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচৰ পিছত দ্বিতীয়খন মেচতো ইংলেণ্ডে আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়ায় ।

দলটোৰ অধিনায়ক জছ বাটলাৰৰ দৰ্শনীয় বেটিঙৰ সহায়ত ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে ৷ বাটলাৰে 8 টা চাৰি আৰু 6 টা ছয়ৰে 45 টা বলত সংগ্ৰহ কৰে 83 ৰাণ । ইয়াৰ লগে লগে ইংলেণ্ডে পাঁচখন মেচৰ টি-20 শৃংখলাটোত 2-0 ব্যৱধানত লাভ কৰিছে অগ্ৰগতি ।

পুনৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজৰ বেটছমেন

ইংলেণ্ডে টছত জয়লাভ কৰি বাৰ্বাডোছত খেলা শৃংখলাৰ দ্বিতীয়খন টি-20 ত প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে 20 অভাৰত সংগ্ৰহ কৰে 158/8 ৰাণ । অধিনায়ক ৰভমেন পাৱেলে দলটোৰ হৈ সৰ্ববৃহৎ ইনিংছ খেলি 41 টা বলত দুটা চাৰি আৰু দুটা ছয়ৰ সহায়ত সংগ্ৰহ কৰে 43 ৰাণ ।

পাৱেলৰ বাহিৰে ৱেষ্ট ইণ্ডিজৰ আটাইকেইগৰাকী বেটছমেন ৰাণ সংগ্ৰহত ব্যৰ্থ হোৱা দেখা যায় ৷ ইংলেণ্ডৰ হৈ দুটাকৈ উইকেট দখল কৰে মুছলি, লিভিংষ্টোন আৰু ছাকিবে । ইয়াৰোপৰি আদিল ৰছিদ আৰু জোফ্ৰা আৰ্চাৰে এটাকৈ উইকেট দখল কৰে ।

ইংলেণ্ডৰ মেচত জয়লাভ

ক্ৰিজত জছ বাটলাৰৰ দৰ্শনীয় প্ৰদৰ্শনৰ সহায়ত দলটোৱে মাত্ৰ 14.5 অভাৰত 161/3 ৰাণ সংগ্ৰহ কৰে । বাটলাৰে 8 টা চাৰি আৰু 6 টা ছয়ৰ সহায়ত 45 টা বলত 83 ৰাণ সংগ্ৰহ কৰে । ৰাণ সংগ্ৰহৰ বাবে সংগ্ৰাম অব্যাহত ৰখা ইংলেণ্ডে ফিল ছল্টৰ ৰূপত হেৰুৱাই প্ৰথমটো উইকেট ৷

ইয়াৰ পিছতে জছ বাটলাৰ আৰু উইল জেকে দ্বিতীয় উইকেটত 129 ৰাণৰ (72 বলত) অংশীদাৰিত্ব গঢ়াৰ পিছত 13 অভাৰত দলে হেৰুৱাই জেকৰ উইকেট ৷ উইল জেকে 29 টা বলত 5 টা চাৰি আৰু এটা ছয়ৰে সংগ্ৰহ কৰে 38 ৰাণ ৷

ইয়াৰ পাছতে উন্নত প্ৰদৰ্শন দাঙি ধৰা জছ বাটলাৰেও 13 অভাৰত পেভিলিয়নলৈ উভতি আহে । পৰৱৰ্তী সময়ত জেকব বেথেল আৰু লিয়াম লিভিংষ্টনে 31 ৰাণ (13 বল) ৰ অপৰাজিত অংশীদাৰিত্বৰে দলটোক জয় প্ৰদান কৰে ।

2-0 ত শৃংখলাত অগ্ৰগতি

এই জয়ৰ জৰিয়তে জছ বাটলাৰৰ নেতৃত্বাধীন ইংলেণ্ডে 5 খন মেচৰ টি-20 শৃংখলাটোত স্থাপন কৰে 2-0 ৰ অগ্ৰগতি ৷ প্ৰথমখন টি-20 মেচত ইংলেণ্ডে 8 উইকেটত জয়লাভ কৰে । সেই মেচখনত ফিল ছল্টে শতক অৰ্জন কৰি নিজৰ দলটোক সহজ জয় প্ৰদান কৰে । 54 টা বলত 103 ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল ছল্টে । আমোদজনক কথাটো হ’ল, ইংলেণ্ডে একেৰাহে দুদিনত অৰ্থাৎ 24 ঘণ্টাত দুবাৰকৈ কেৰিবিয়ান দলটোক পৰাস্ত কৰিছে ।

লগতে পঢ়ক:আৰিয়ানৰ পৰা আনায়ালৈ... প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰৰ ভিডিঅ’ই লগাইছে তোলপাৰ

ABOUT THE AUTHOR

...view details