স্পৰ্টছ ডেস্ক, ৭ আগষ্ট :পেৰিছ অলিম্পিক, ২০২৪ত ইতিহাস সৃষ্টি কৰি দুটাকৈ অলিম্পিক পদক বিজয়ী মনু ভাকৰ দেশলৈ উভতি আহিছে । দেশৰ ভূমিত ভৰি দিয়াৰ লগে লগে দিল্লী বিমানবন্দৰত মনু ভাকাৰক উষ্ম আদৰণি জনোৱা হয় । তেওঁৰ সৈতে প্ৰশিক্ষক যশপাল ৰাণাও আছিল । হাৰিয়ানাৰ ঝাজ্জৰৰ বাসিন্দা মনু ভাকৰে পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টি কৰি দুটা পদক জয় কৰিছে । অলিম্পিক পদক বিজয়ী মনু ভাকৰক তেওঁৰ প্ৰশিক্ষক যশপাল ৰাণাৰ সৈতে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় ।
উল্লেখ্য, মনু ভাকৰৰ প্ৰশিক্ষক যশপাল ৰাণা মূলত উত্তৰাখণ্ডৰ বাসিন্দা । মনু ভাকৰৰ বিজয়ত তেওঁৰ এক ডাঙৰ অৱদান আছে । ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উত্তৰাখণ্ডৰ লোকসকলেও মনু ভাকৰ আৰু তেওঁৰ প্ৰশিক্ষক যশপাল ৰাণাক স্বাগতম জনোৱাৰ বাবে ঢোলে-ডগৰে উপস্থিত হয় । দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মনু ভাকৰ আৰু তেওঁৰ প্ৰশিক্ষক যশপাল ৰাণাক আদৰণি জনোৱা হয় । মনুৱে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনে পোনে ক্ৰীড়া মন্ত্ৰণালয়লৈ যাব ।