অসম

assam

ETV Bharat / sports

কোনজন ক্ৰিকেটাৰে কিমান দামী বেট ব্যৱহাৰ কৰে জানিবলৈ মন নাযায় নে ? - EXPENSIVE BATS USED BY CRICKETERS - EXPENSIVE BATS USED BY CRICKETERS

Most Expensive Bats Used By Cricketers: ক্ৰিকেটজগতত বহুকেইগৰাকী এনে ক্ৰিকেটাৰ আছে, যিয়ে ব্যৱহাৰ কৰে অত্যন্ত ব্যয়বহুল বেট ৷ তাৰোপৰি তেওঁলোকে ব্যৱহাৰ কৰে নিৰ্দিষ্ট মানদণ্ডৰ কেইখনমান বেট ৷ পিছে কেতিয়াবা বাৰু জানিবলৈ মন নাযায় নে, এই ক্ৰিকেটাৰসকলে ব্যৱহাৰ কৰা বেটসমূহৰ মূল্য কিমান ৷ কোনগৰাকী ক্ৰিকেটাৰৰ ওচৰত আছে সৰ্বাধিক মূল্যৰ বেট ৷ সকলো সামৰি এই প্ৰতিবেদন...

EXPENSIVE BATS USED BY CRICKETERS
বিশ্বৰ ক্ৰিকেটাৰসকল (IANS PHOTOS)

By ETV Bharat Sports Team

Published : Sep 15, 2024, 10:29 AM IST

স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: ক্ৰিকেট হৈছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়াসমূহৰ ভিতৰত অন্যতম । ক্ৰিকেটৰ উৎপত্তি হৈছিল ইংলেণ্ডত, কিন্তু পৰৱৰ্তী সময়ত ভাৰততো বিপুল জনপ্ৰিয়তা লাভ কৰে খেলবিধে । বৰ্তমান সমগ্ৰ বিশ্বতে বিয়পি পৰিছে ক্ৰিকেট ৷

ক্ৰিকেটাৰসকলৰ অত্যাধুনিক জীৱনশৈলীয়ে সদায়ে আকৰ্ষিত কৰি আহিছে সকলো ক্ৰিকেটপ্ৰেমীক ৷ পিছে কেতিয়াবা বাৰু জানিবলৈ মন নাযায় নে, ক্ৰিকেটাৰসকলে ব্যৱহাৰ কৰা বেটসমূহৰ বিষয়ে ৷ কোনগৰাকী ক্ৰিকেটাৰে কিমান মূল্যৰ বেট ব্যৱহাৰ কৰে, কাৰ ওচৰত আছে সৰ্বাধিক মূল্যৰ ক্ৰিকেট বেট ৷ যদি এই বিষয়ে বিশেষ কোনো ধাৰণা নাই, তেন্তে এই খবৰ আপোনাৰ বাবে-

বিভিন্ন মূল্যৰ ক্ৰিকেট বেট (ANI Photos)

আটাইতকৈ ব্যয়বহুল ক্ৰিকেট বেট ব্যৱহাৰ কৰা খেলুৱৈসকল

  1. ছাৰ ভিভিয়ান ৰিচাৰ্ডছ: ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ কিংবদন্তী ৱেষ্ট ইণ্ডিজৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ এগৰাকী মহান খেলুৱৈ, যিয়ে ক্ৰিকেট জগতত ৰচিছে বহুতো অভিলেখ ৷ এই কিংবদন্তী খেলুৱৈগৰাকীয়ে ক্ৰিকেটৰ খেলপথাৰত ব্যৱহাৰ কৰিছিল গ্ৰে-নিক’লছ লেজেণ্ড গ’ল্ড নামৰ এখন ব্যয়বহুল বেট ৷ উইলো কাঠেৰে নিৰ্মিত এই বেটখনৰ মূল্য হৈছে 14,000 ডলাৰ । অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ইয়াৰ বৰ্তমানৰ মূল্য হৈছে 11,74,339 টকা ।
  2. হাৰ্দিক পাণ্ডিয়া: ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই টি-20 বিশ্বকাপত উন্নত প্ৰদৰ্শন দাঙি ধৰি দলটোৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । সৰ্বাধিক ধনী ক্ৰিকেটাৰসকলৰ মাজৰ এজন বুলি পৰিচিত হাৰ্দিকৰ কেৱল বিলাসী গাড়ী, বাংলোৱেই নহয়, আছে ক্ৰিকেট বেটো । ক্ৰিকেটাৰগৰাকীয়ে ক্ৰীজত সততে ব্যৱহাৰ কৰে এছ জি (চানস্পেৰিল গ্ৰীণলেণ্ডছ) নামৰ এখন বেট, যাৰ মূল্য হৈছে 1,79,999 টকা ।
  3. ষ্টিভ স্মিথ: অষ্ট্ৰেলিয়াৰ শীৰ্ষ বেটছমেন ষ্টিভ স্মিথেও ক্ৰিকেটত ব্যয়বহুল বেট ব্যৱহাৰ কৰে । যিখন বেটে ক্ৰিকেটাৰগৰাকীক লৈ যায় অন্য এক পৰ্যায়লৈ ৷ স্মিথে এন বি (নিউ বেলেন্স) নামৰ এখন বেট দীৰ্ঘদিনৰ পৰা ব্যৱহাৰ কৰি আহিছে, যাৰ মূল্য 11 লাখ টকাতকৈও অধিক ।
  4. ক্ৰিছ গেইল: ৱেষ্ট ইণ্ডিজৰ অভিজ্ঞ ক্ৰিকেটাৰ ক্ৰিছ গেইলে তেওঁৰ অনন্য বেটিং শৈলীৰে ক্ৰিকেটৰ ইতিহাসত লিপিবদ্ধ কৰিছে বহুতো অভিলেখ ৷ তেওঁ আই পি এলত সৰ্বাধিক ৰাণ(175 ৰাণ) সংগ্ৰহকাৰী বেটছমেনজন ৷ এই কিংবদন্তী বেটছমেনজনে স্পাৰ্টান নামৰ এখন বেট ব্যৱহাৰ কৰিছিল, যাৰ মূল্য আছিল এক লাখ টকা ।
  5. জছ বাটলাৰ: ইংলেণ্ডৰ তাৰকা বেটছমেন জছ বাটলাৰেও ব্যৱহাৰ কৰে ব্যয়বহুল বেট । খেলপথাৰত দীঘলীয়া দূৰত্বত ছয় আৰু চাৰি কোবোৱাৰ বাবে জনাজাত এইগৰাকী ক্ৰিকেটাৰ । বাটলাৰে ব্যৱহাৰ কৰে কুকাবুৰা নামৰ এখন বেট, যাৰ মূল্য 97 হাজাৰ টকা ।
  6. সূৰ্যকুমাৰ যাদৱ: ভাৰতৰ বিস্ফোৰক বেটছমেন আৰু টি-20 দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱেও ব্যৱহাৰ কৰে দামী বেট । যিখন বেটৰ সহায়ত বলাৰক দিশহাৰা কৰি ক্ৰিকেটৰ খেলপথাৰত সূৰ্যই কোবাই ছয় আৰু চাৰি ৷ সূৰ্যই ব্যৱহাৰ কৰা এছ এছ (চাৰিন স্প’ৰ্টছ) নামৰ বেটখনৰ মূল্য হৈছে 92 হাজাৰ টকা ৷
  7. ডেভিদ ৱাৰ্ণাৰ: অষ্ট্ৰেলিয়াৰ অপেনাৰ ডেভিদ ৱাৰ্ণাৰও ব্যয়বহুল বেট ব্যৱহাৰ কৰা খেলুৱৈৰ তালিকাত আছে । তেওঁ 95,000 টকাৰ ডি এছ চি (ডিলাক্স স্প’ৰ্টছ কোম্পানী) ৰ বেট ব্যৱহাৰ কৰে । ইয়াৰোপৰি ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্টোকছে জি এম (গান এণ্ড মূৰ) নামৰ বেট ব্যৱহাৰ কৰে ।
  8. বিৰাট কোহলী:তালিকাৰ অষ্টম স্থানত আছে ভাৰতীয় দলৰ ৰাণ মেচিন খ্যাত বিৰাট কোহলী ৷ বিৰাটে ব্যৱহাৰ কৰা বেটখনক এম আৰ এফ বুলি কোৱা হয় আৰু ইয়াৰ মূল্য হৈছে 77,000 টকা ।

এই তালিকাত নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছ (83,000 টকা) আৰু মহিলা খেলুৱৈ গাৰ্ডেনাৰ (91,000 টকা) আটাইতকৈ ব্যয়বহুল বেট ব্যৱহাৰ কৰা খেলুৱৈসকলৰ ভিতৰত আছে ।

লগতে পঢ়ক:17 বছৰৰ পূৰ্বে আজিৰ দিনটোতে ভাৰতত আৰম্ভ হৈছিল 'ধোনী যুগ' - T20 WORLD CUP 2007

ABOUT THE AUTHOR

...view details