অসম

assam

ETV Bharat / sports

চেম্পিয়নছ ট্ৰফী ২০২৫ ; নিউজিলেণ্ডৰ বিৰুদ্ধে বাদ পৰিব পাৰে মহম্মদ ছামী - CHAMPIONS TROPHY 2025

২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ অন্তিমখন লীগ মেচত অংশগ্ৰহণ কৰিব ভাৰতে ৷ কিন্তু দলৰ পৰা বাদ পৰাৰ সম্ভাৱনা আছে এগৰাকী তাৰকা ভাৰতীয় বলাৰৰ ৷

Champions Trophy 2025
মহম্মদ ছামী বাদ পৰাৰ সম্ভাৱনা (IANS Photo)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 7:59 PM IST

নতুন দিল্লী: ইতিমধ্যে চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দলে । আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ প্ৰথমখন খেলত ভাৰতে বাংলাদেশ আৰু দ্বিতীয়খন মেচত পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে ।

২ মাৰ্চত ভাৰত-নিউজিলেণ্ডৰ মাজত যুঁজ

চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ অন্তিমখন লীগ মেচত মুখামুখি হ’ব ভাৰত-নিউজিলেণ্ড ৷ এই খেলখন ২ মাৰ্চ (দেওবাৰ) ত ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

ভাৰতীয় সময় অনুসৰি, দিনৰ ২.৩০ বজাত আৰম্ভ হ’ব এই খেলখন ৷ খেলখনৰ টছ দুপৰীয়া ২ বজাত অনুষ্ঠিত হ’ব । এই মেচখন ছেমি ফাইনেলৰ পূর্বে প্ৰস্তুতি মেচ হিচাপে গণ্য কৰিব পাৰে দুয়োটা দলে ৷ খেলখনত দুয়োটা দলে জয়লাভ কৰি গ্ৰুপৰ শীৰ্ষস্থান অটুট ৰাখিব বিচাৰিব ৷

মেচৰ বাহিৰ হ’ব পাৰে এইগৰাকী তাৰকা বলাৰ

এই মেচখনৰ পূৰ্বে টীম ইণ্ডিয়াৰ মূল একাদশত এক বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা এই খেলখনৰ বাবে মহম্মদ ছামীক জিৰণি দিয়াৰ সম্ভাৱনা আছে ৷ ছামীৰ স্থানত অৰ্শদীপ সিঙক দলত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে ৷

পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনৰ সময়ত ছামীয়ে গোৰোহাৰ সমস্যাত ভূগিছিল ৷ খেলৰ মাজতে বলাৰগৰাকীয়ে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছিল ৷ অৱশ্যে ড্ৰেছিং ৰুমৰ পৰা উভতি আহি মেচখনত বলিঙো কৰিছিল ছামীয়ে ।

ইয়াৰ পিছত তেওঁৰ আঘাতৰ কোনো আপডেট নাছিল । পূৰ্বেও একেখন ভৰিতে আঘাত পাইছিল ছামীয়ে ৷ তাৰপিছতে খেলুৱৈগৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল যদিও শেহতীয়া মেচখনত ছামীয়ে পুনৰ গোৰোহাৰ সমস্যাত ভোগে ৷

যাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনত বাদ পৰাৰ সম্ভাৱনা আছে ভাৰতীয় তাৰকা বলাৰ মহম্মদ ছামী ৷ এই কথা ব্যক্ত কৰিছে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে ৷

দলৰ পৰা বাদ পৰাৰ কথা ক’লে প্ৰবীণ ক্ৰিকেটাৰে

দৰাচলতে ইংলেণ্ডৰ প্ৰাক্তন দ্ৰুতবলাৰ ডেৰেন গফে কৈছিল, ‘‘টীম ইণ্ডিয়াই হয়তো তেওঁক (ছামী) জিৰণি দিয়া উচিত । পাকিস্তানৰ বিৰুদ্ধে খেলুৱৈগৰাকীয়ে ইতিমধ্যে আত্মবিশ্বাস লাভ কৰিছে । যেতিয়া আপোনাৰ এনেকুৱা বেটিং লাইনআপ থাকে, তেতিয়া আন কাৰোবাক আনিব পৰাকৈ সামৰ্থ থাকিব পাৰে । ডুবাইত আন এজন স্পিনাৰ আনিব’’ ।

এই বক্তব্যৰে ডেৰেন গফে স্পষ্টকৈ কৈছে যে "ছামীৰ ঠাইত অতিৰিক্ত স্পিনাৰ বৰুণ চক্ৰৱৰ্তী বা ৱাশ্বিংটন সুন্দৰক সুযোগ দিব লাগে ৷ কিন্তু টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে কমেও দুজন আগশাৰীৰ দ্ৰুত বলাৰৰ সৈতে খেলিব । এনে পৰিস্থিতিত যদি ছামী দলৰ বাহিৰ হয়, তেন্তে দলত মাত্ৰ এজনহে দ্ৰুত বলাৰ থাকিব ৷ তেওঁ হৈছে অৰ্শদীপ সিং । এনে পৰিস্থিতিত তেওঁ চেম্পিয়নছ ট্ৰফীত অভিষেক ঘটাব পাৰে" ।

লগতে পঢ়ক:চেম্পিয়নছ ট্ৰফীত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ ভাবুকি : সতৰ্ক কৰিলে পাকিস্তানৰ চোৰাংচোৱা সংস্থাই

ABOUT THE AUTHOR

...view details