অসম

assam

ETV Bharat / sports

29 ছেপ্টেম্বৰত বেংগালুৰুত বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা - BCCI AGM

BCCI AGM In Bengaluru: 29 ছেপ্টেম্বৰত বেংগালুৰুত অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাৰ্ষিক সাধাৰণ সভা ৷ বৈঠক সন্দৰ্ভত বৃহস্পতিবাৰে সকলো ৰাজ্যিক সংগঠনলৈ প্ৰেৰণ কৰা হয় জাননী ৷ আশ্চৰ্যজনকভাৱে সচিবৰ নিৰ্বাচন সন্দৰ্ভত জাননীত কোনো কথা উল্লেখ কৰা হোৱা নাই ।

BCCI AGM
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাৰ্ষিক সাধাৰণ সভা (IANS Photo)

By ETV Bharat Sports Team

Published : Sep 5, 2024, 5:52 PM IST

স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ: 29 ছেপ্টেম্বৰত বেংগালুৰুত অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ 93 সংখ্যক বাৰ্ষিক সাধাৰণ সভা ৷ বি চি চি আইৰ সম্পাদক জয় শ্বাহে বৃহস্পতিবাৰে পুৱা সকলো ৰাজ্যিক সংস্থালৈ বহু প্ৰতীক্ষিত বাৰ্ষিক সাধাৰণ সভাৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰেৰণ কৰিছে জাননী ।

অৱশ্যে, এই কাৰ্যসূচীত সচিবৰ নিৰ্বাচন সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাই । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা জয় শ্বাহে এই বৈঠকতে পূৰ্বৰ পদৰ পৰা পদত্যাগ কৰিব লাগিব ।

সূত্ৰসমূহে সদৰী কৰা অনুসৰি, বি চি চি আইয়ে নতুন সচিব বাছনি কৰিবলৈ এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰিব পাৰে । ইটিভি ভাৰতৰ প্ৰতিবেদন অনুসৰি, জয় শ্বাহৰ ঠাইত নিযুক্তি দিবলৈ চৰ্চিত হৈছে একাংশ নাম ৷ এই চৰ্চিত নামসমূহৰ ভিতৰত আছে- আই পি এলৰ সচিব অৰুণ সিং ধুমল, বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লা, বি চি চি আইৰ কোষাধ্যক্ষ আশীষ শ্বেলাৰ আৰু ডি ডি চি এৰ মুৰব্বী ৰোহন জেটলী আদি ।

বৈঠকৰ 18 দফীয়া কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ বিষয় হ'ল- আই চি চিৰ বৈঠকত বি চি চি আইৰ প্ৰতিনিধিৰ নিযুক্তি ৷ কিয়নো আগন্তুক সময়ত শ্বাহ সেই ভূমিকাৰ বাবে উপলব্ধ নহ'ব । বি চি চি আইৰ বৰ্তমানৰ সভাপতি ৰজাৰ বিন্নীৰ নাম আই চি চি ত ব'ৰ্ডৰ প্ৰতিনিধিৰ বাবে আলোচনা কৰিব পাৰি ৷ কিন্তু বিন্নীৰ বয়স 69 বছৰ হোৱাৰ হেতুকে এই নাম বিশেষ প্ৰযোজ্য নহ’ব ৷ কিয়নো এইক্ষেত্ৰত বয়সৰ ঊৰ্ধতম সীমা হৈছে 70 বছৰ ৷

বাৰ্ষিক সাধাৰণ সভাত ব’ৰ্ডৰ কিছুসংখ্যক নিয়মীয়া কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকিব, যেনে- 2024-25 চনৰ বাৰ্ষিক বাজেটৰ অনুমোদনো অন্তৰ্ভুক্ত থাকিব । বৈঠকত বি চি চি আইৰ সংবিধান অনুসৰি ক্ৰিকেট সমিতি আৰু স্থায়ী সমিতি নিয়োগ কৰা হ'ব আৰু নিয়ম 27-ৰ অধীনত এখন নতুন আম্পায়াৰ সমিতি গঠন কৰা হ'ব ।

ঘৰুৱা ক্ৰিকেট সম্পৰ্কীয় শীৰ্ষ পৰিষদে প্ৰস্তুত কৰা নিয়ম-কানুন অনুমোদিত কৰাৰ উপৰিও এই বৈঠকে যৌন উৎপীড়ন প্ৰতিৰোধ নীতিৰ অধীনত গঠন কৰা বি চি চি আইৰ আভ্যন্তৰীণ সমিতিৰ প্ৰতিবেদনো বিবেচনা কৰিব ।

লগতে পঢ়ক:জয়ছোৱাল-পন্ত-আয়াৰ বিফল: মুছিৰ খানৰ দৰ্শনীয় শতকৰে দুলীপ ট্ৰফীৰ খেল - DULEEP TROPHY 2024

ABOUT THE AUTHOR

...view details