অসম

assam

ETV Bharat / sports

ৰিচা ঘোষ ইন, শ্বেফালী বাৰ্মা আউট; অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল - INDIA WOMEN VS AUSTRALIA WOMEN

India women squad against aus: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা দল ঘোষণা । শ্বেফালী বাৰ্মাক বাদ দিয়া হৈছে দলৰ পৰা ।

India women vs Australia Women
ভাৰতীয় মহিলা ক্ৰিকেট দল (ANI Photo)

By ETV Bharat Sports Team

Published : Nov 19, 2024, 5:52 PM IST

স্প’ৰ্টছ ডেস্ক:অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে 16 জনীয়া ভাৰতীয় মহিলা দলটো ৷ মঙলবাৰে ঘোষণা কৰা দলটোত স্থান লাভৰ পৰা বঞ্চিত হৈছে শ্বেফালী বাৰ্মা ৷

দুৰ্বল ফৰ্মৰ বাবে শ্বেফালী বাৰ্মাক বাদ দিয়া হৈছে দলৰ পৰা ৷ তদুপৰি ব’ৰ্ড পৰীক্ষাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত অনুপস্থিত থকা ৰিচা ঘোষে প্ৰত্যাৱৰ্তন কৰিছে দললৈ ৷

অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দল

এই এদিনীয়া শৃংখলাৰ বাবে 4 গৰাকী বেটছমেন ক্ৰমে প্ৰিয়া পুনিয়া, হাৰলীন দেওল, মীন্নু মণি আৰু তিতাছ সাধুক দলত অন্তৰ্ভুক্ত কৰা হৈছে । এই শৃংখলাৰ খেলসমূহ 5, 8 আৰু 11 ডিচেম্বৰত ব্ৰীছবেন আৰু পাৰ্থত অনুষ্ঠিত হ'ব ।

দলৰ পৰা বাহিৰ শ্বেফালী বাৰ্মা

50 অভাৰৰ ক্ৰিকেটত শ্বেফালীৰ ফৰ্ম ভাৰতীয় দলৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে ৷ কিয়নো ক্ৰিকেটাৰগৰাকীয়ে চলিত বছৰৰ 6 খন খেলত 18 ৰ গড়ত মাত্ৰ 108 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । 2023 চনৰ ডিচেম্বৰত খেলুৱৈগৰাকী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱাইট বল দলৰ পৰাও বাদ পৰিছিল ৷ শ্বেফালীৰ অনুপস্থিতিত যস্তিকা ভাটিয়া আৰু স্মৃতি মন্ধানাৰ যুটীটোৱে ইনিংছ মুকলি কৰিব ৷

প্ৰিয়া পুনিয়াই কৰে দলত যোগদান

মিডল অৰ্ডাৰত স্থান লাভৰ বাবে অডিচন দিয়া পুনিয়াই 2023 চনৰ পৰা খেলিছে 3 খন এদিনীয়া মেচ ৷ ঘৰুৱা শৃংখলাত ক্ৰিকেটাৰগৰাকীৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে চলিত বছৰৰ জুন মাহত ৰাষ্ট্ৰীয় দললৈ প্ৰত্য়াৱৰ্তন ঘটাই প্ৰিয়া পুনিয়াই ৷

দুগৰাকী স্পিনাৰে পালে দলত স্থান

ডি হেমলতা আৰু অফ স্পিনাৰ শ্ৰেয়ংকা পাটিলৰ লগতে লেগ স্পিনাৰ আশা শোভানাই আঘাতৰ বাবে দলত স্থান লাভৰ পৰা বঞ্চিত হয় ৷ আনহাতে, পূজা বস্ত্ৰকাৰো আছে দলৰ বাহিৰত ৷

তাৰ সলনি দলটোত স্থান দিয়া হৈছে দুগৰাকী স্পিনাৰক ৷ তেওঁলোক হৈছে ক্ৰমে- ৰাধা যাদৱ আৰু প্ৰিয়া মিশ্ৰা ৷

ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাটো 2-1 ব্য়ৱধানত জিকাৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 3 খন খেলৰ এদিনীয়া শৃংখলাটোত অংশগ্ৰহণ কৰিব ৷ অষ্ট্ৰেলিয়াই শেষবাৰৰ বাবে 50 অভাৰৰ ক্ৰিকেটত বাংলাদেশৰ মুখামুখি হৈ দলটোক 2-1 ব্যৱধানত পৰাস্ত কৰিছিল ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘোষণা কৰা ভাৰতীয় দলটো

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা, প্ৰিয়া পুনিয়া, জেমিমা ৰড্ৰিগছ, হাৰলীন দেওল, যষ্টিকা ভাটিয়া (উইকেটকীপাৰ), ৰিচা ঘোষ (উইকেটকীপাৰ), তেজাল হাচাবনিছ, দীপ্তি শৰ্মা, মিন্নু মণি, প্ৰিয়া মিশ্ৰ, ৰাধা যাদৱ, তিতাস সাধু, অৰুন্ধতী ৰেড্ডী আৰু ৰেণুকা সিং ঠাকুৰ ৷

লগতে পঢ়ক:ৰোহিত-গিলৰ সলনি কাক স্থান দিয়া হ’ব দলত ? পাৰ্থ টেষ্টৰ বাবে ভাৰতৰ সাম্ভাব্য মূল একাদশ

ABOUT THE AUTHOR

...view details