স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ:ভাৰত-বাংলাদেশৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ মাজতে এক বৃহৎ ঘোষণা ৷ এই ঘোষণা কৰিছে বাংলাদেশৰ ক্ৰিকেটাৰ শ্বাকিব আল হাছানে ৷ সকলো ক্ৰিকেটপ্ৰেমীকে হতবাক কৰি বাংলাদেশৰ অল ৰাউণ্ডাৰ শ্বাকিবে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত অন্তিমবাৰৰ বাবে অংশগ্ৰহণ কৰিব ক্ৰিকেটাৰগৰাকীয়ে ।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত যদিহে ক্ৰিকেটাৰগৰাকীয়ে খেলিবলৈ সুযোগ লাভ নকৰে, তেন্তে কানপুৰত ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট মেচখনে হ’ব শ্বাকিবৰ কেৰিয়াৰৰ শেষৰখন টেষ্ট মেচ ৷
কানপুৰ টেষ্টৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি শ্বাকিবে কয়, "মই মোৰ অন্তিমখন টেষ্ট মেচ মীৰপুৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব বিচাৰো ৷ যদিহে ভবামতে সকলো হয়, তেন্তে সেয়া হ’ব মোৰ শেষ টেষ্ট মেচ । বাংলাদেশ ক্ৰিকেটে মোক বহুখিনি দিছে আৰু মই মোৰ ঘৰুৱা খেলপথাৰত এই ফৰ্মেটত শেষ টেষ্ট খেলিব বিচাৰো" । ইতিমধ্যে টি-20 ক্ৰিকেটৰ পৰা বিদায় লৈছে শ্বাকিবে।