স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট:28 আগষ্টৰ পৰা প্ৰেমৰ চহৰত আৰম্ভ হৈছে পেৰিছ পেৰালিম্পিক 2024 শীৰ্ষক ক্ৰীড়া প্ৰতিযোগিতা ৷ এই অলিম্পিকত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে 84 জনীয়া এটা খেলুৱৈৰ দলে ৷
ভাৰতীয় মহিলা পেৰা-শ্বুটাৰ অৱনী লেখাৰাই পেৰিছ পেৰালিম্পিক 2024 ত শ্বুটিঙত দেশৰ হকে সোণৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিছে । একেখন প্ৰতিযোগিতাতে ভাৰতৰ মোনা আগৰৱালে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । দুয়োগৰাকী খেলুৱৈয়ে মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ 1 ইভেণ্টত ভাৰতৰ হৈ ক্ৰমে সোণ আৰু ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে ।
অৱনীয়ে অৰ্জন কৰিলে স্বৰ্ণপদক, মোনাই পালে ব্ৰঞ্জ
পেৰিছ পেৰালিম্পিক 2024 ৰ দ্বিতীয় দিনা ভাৰতৰ হৈ অৱনী লেখাৰাই 249.7 পইণ্টৰ সৈতে অভিলেখ স্থাপন কৰি জয় কৰে সোণৰ পদক । আনহাতে, মোনা আগৰৱালে 228.7 পইণ্টৰ সৈতে প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰি অৰ্জন কৰে ব্ৰঞ্জৰ পদক ৷ আনহাতে, কোৰিয়াৰ লি য়ুনৰীয়ে 286.8 পইণ্টৰে দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক জয় কৰে ।