যোৰহাট, 21 ছেপ্টেম্বৰ:সুদীৰ্ঘ 40 বছৰৰ অন্তত যোৰহাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত শেষ হাঁহি মাৰিলে অসম দলে । প্ৰায় 12 বছৰৰ পিছত ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টায়াৰ 2 প্ৰতিযোগিতাত প্ৰতিপক্ষ হাৰিয়ানাক পৰাস্ত কৰি খিতাপ দখল কৰে অসমে ৷ অসমৰ দলটোৱে হাৰিয়ানাক 11-0 গ’লত পৰাজিত কৰি এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷
অসমৰ এই সাফল্যক লৈ উৎফুল্লিত হৈ পৰে অসম ফুটবল সন্থাৰ বিষয়ববীয়াসকল ৷ সন্থাৰ উপ-সভাপতি শান্তনু পূজাৰীয়ে এই ফলাফল সন্দৰ্ভত এনেদৰে কয়, "সুদীৰ্ঘ 12 টা বছৰৰ মূৰকত অসমে এনেদৰে ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ফুটবল চেম্পিয়নশ্বিপত চূড়ান্ত খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে এয়া টায়াৰ 2, যি খেল ৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত । টায়াৰ 2 ৰ অধীনত 17 খন ৰাজ্য আছিল যদিও 15 খন ৰাজ্যইহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । উক্ত প্ৰতিযোগিতাত অসমে এখনো খেলত পৰাজিত নোহোৱাকৈ নিজৰ গ্ৰুপত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হয় ।’’
তেওঁ লগতে কয়, "আজি চূডান্ত খেলখনত অসমে দৃষ্টিনন্দন প্ৰদৰ্শন দাঙি ধৰি প্ৰতিপক্ষ হাৰিয়ানাক 11 টাকৈ গ’ল প্ৰদান কৰিবলৈ সক্ষম হয় । 12 টা বছৰৰ মূৰত পুনৰ ৰাষ্ট্ৰীয় খিতাপ দখল কৰা অসম দলটোক আৰু ইয়াৰ লগত জড়িত সকলোকে অসম ফুটবল সন্থাৰ হৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো । আগন্তুক সময়ত এই বিজয়ে অসমত যে ফুটবলৰ সম্ভৱনাময় পৰিৱেশ সৃষ্টি হৈছে, তাকে প্ৰতীয়মান কৰিছে ।’’