অসম

assam

ETV Bharat / sports

আন্তৰ্জাতিক ফুটবল খেলপথাৰত অগ্নিকাণ্ড; ধ্বংসস্তুপত পৰিণত বেলজিয়ামৰ পৰা অনা কোটি টকাৰ ঘাঁহ - FOOTBALL GROUND IN JAIPUR

Turf football ground: এখন ফুটবল খেলপথাৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ৷ যাৰ বাবে তাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহৰ ক্ষেত্ৰত দেখা দিছে বৃহৎ প্ৰত্যাহ্বান ৷

FOOTBALL GROUND IN JAIPUR
ফুটবল খেলপথাৰত অগ্নিকাণ্ড (ETV Bharat)

By ETV Bharat Sports Team

Published : Nov 6, 2024, 2:19 PM IST

স্প’ৰ্টছ ডেস্ক:শেহতীয়াকৈ এখন ষ্টেডিয়ামৰ টাৰ্ফ ফুটবল খেলপথাৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ৷ দেৱালীৰ সময়ত আতচবাজীৰ পৰা ওলোৱা স্ফুলিংগৰ বাবে সূত্ৰপাত ঘটে জুইৰ ৷ যাৰ পিছত ষ্টেডিয়ামটোৰ এটা গ'ল পোষ্টৰ ফালে থকা সংশ্লেষিত ঘাঁহবোৰ জ্বলি ছাই হৈ যায় ৷

এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ৰাজধানী চহৰ জয়পুৰত ৷ জয়পুৰৰ বিদ্যাধৰ নগৰ ষ্টেডিয়ামত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ জুইয়ে ষ্টেডিয়ামখনৰ অধিকাংশ অংশ নিমিষতে আগুৰি ধৰাত বিস্তৰ ক্ষতিসাধন হয় ৷

উল্লেখ্য যে, এই খেলপথাৰখন ফিফাৰ দ্বাৰা অনুমোদিত ভাৰতৰ দ্বিতীয়খন টাৰ্ফ ফুটবল খেলপথাৰ আৰু ৰাজস্থানৰ প্ৰথম টাৰ্ফ ফুটবল খেলপথাৰ ।

ভাৰতীয় ফুটবল দল (AIFF Photo)

ৰাজস্থান ফুটবল সংস্থাৰ সম্পাদক দিলীপ সিঙে এই সন্দৰ্ভত কৈছিল যে, তেওঁ এই বিষয়ে তথ্য লাভ কৰিছে আৰু সোনকালেই এই খেলপথাৰখন পুনৰ মেৰামতি কৰা হ'ব । খেলপথাৰখনৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত আছে ৰাজস্থান ইউনাইটেড ফুটবল ক্লাব আৰু ৰাজস্থান ফুটবল এছ'চিয়েছন ৷

শেহতীয়াকৈ এই খেলপথাৰত বহুতো ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল । ৰাজস্থানৰ বাহিৰেও হায়দৰাবাদত এনেধৰণৰ প্ৰথমখন টাৰ্ফ ফুটবল খেলপথাৰ নিৰ্মাণ কৰা হৈছে ।

ঘাঁহবোৰ ফায়াৰপ্ৰুফ বুলি কোৱা হৈছিল

পথাৰৰ এই কৃত্ৰিম ঘাঁহবোৰ ফায়াৰপ্ৰুফ বুলি কোৱা হৈছিল । খেলপথাৰৰ ভূমিভাগৰ যত্নৰ দায়িত্বত থকা সন্দীপ কুমাৰে কয় যে, "এই ঘাঁহ ৰোপণ কৰা কোম্পানীটোৰ সৈতে আমাৰ আলোচনা চলি আছে ৷ বৰ্তমানলৈকে জুইৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই । অৱশ্যে অনুমান কৰা হৈছে যে আতচবাজীৰ বাবেহে এই ভূমিত জুই লাগিছিল" ।

সংকটত সন্তোষ ট্ৰফী

শেহতীয়াকৈ এই খেলপথাৰত ৰাজমাতা জিজাবাই ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ আয়োজন কৰা হৈছিল । ইয়াৰ পিছত ৰাজস্থানে সন্তোষ ট্ৰফী আৰু আই-লীগ ফুটবল চেম্পিয়নশ্বিপো আয়োজন কৰিছে । এতিয়া খেলপথাৰত জুই লগাৰ ফলত এক সংকটৰ সৃষ্টি হৈছে ।

দিলীপ সিঙে কয় যে, "দীৰ্ঘদিনৰ পিছত ৰাজস্থানে এখন ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰিবলৈ সুযোগ লাভ কৰিছিল ৷ কিন্তু ভূমিভাগত লগা জুইৰ বাবে মেচবোৰ আয়োজন কৰাত সংকটে দেখা গৈছে । আমি চৰকাৰৰ সৈতে কথা পাতিম আৰু যিমান সম্ভৱ সোনকালে খেলপথাৰৰ ভূমিভাগ মেৰামতি কৰিম" ।

13 কোটি টকা ব্যয়ৰে কৰা হৈছে প্ৰস্তুত

জয়পুৰৰ বিদ্যাধৰ নগৰ ষ্টেডিয়ামত অৱস্থিত এই ফুটবল খেলপথাৰখন আন্তৰ্জাতিক মানদণ্ডৰ ৷ ইয়াক প্ৰায় 13 কোটি টকা ব্যয়ৰে প্ৰস্তুত কৰা হৈছে । যদিও এই মাটিত ৰোপণ কৰা ঘাঁহবোৰ কৃত্ৰিম, তথাপিও তাক ৰোপণৰ পূৰ্বে ফিফাৰ দ্বাৰা অনুমোদন জনোৱা হয় ৷ এই কৃত্ৰিম ঘাঁহৰ মূল্য 4 কোটি টকাতকৈও অধিক ।

ফুটবল খেলপথাৰৰ উপৰিও ইয়াৰ চাৰিওফালে এটা সংশ্লেষিত ট্ৰেক স্থাপন কৰা হৈছে । বৰ্তমান এই ফুটবল খেলপথাৰখন হৈছে ইউনাইটেড ফুটবল ক্লাবৰ ঘৰুৱা খেলপথাৰ, য'ত খেলুৱৈসকলে অনুশীলন কৰে ।

বেলজিয়ামৰ পৰা ঘাঁহ আমদানি কৰি প্ৰায় 3000 দৰ্শকৰ আসনৰ সুবিধা থকা এই ফুটবল খেলপথাৰখন নিৰ্মাণ কৰা হৈছে ৷ তাৰোপৰি প্ৰায় 20 হাজাৰ দৰ্শকে থিয় হৈ খেল উপভোগ কৰাৰ সুবিধা ইয়াত ৰখা হৈছে ৷ ফিফাই এই খেলপথাৰক এখন আন্তঃৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ প্ৰদান কৰিছে, যিখন 12 জুলাই 2027 লৈকে প্ৰযোজ্য হ'ব । এই ফুটবল খেলপথাৰখন ৰাজস্থানৰ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে ।

লগতে পঢ়ক:মহিলা নহয় পুৰুষহে; চিকিৎসা বিজ্ঞানে উদঙালে স্বৰ্ণজয়ী বক্সাৰ ইমান খালিফৰ প্ৰকৃত সত্য

ABOUT THE AUTHOR

...view details