স্প’ৰ্টছ ডেস্ক:2024 চনত আমেৰিকাত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পে জয়লাভ কৰি দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহে । বিপক্ষৰ প্ৰাৰ্থী কমলা হেৰিছৰ কঠিন প্ৰত্যাহ্বান নেওচি দেশখনৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনত জয়লাভ কৰে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্ৰাম্পে ।
ট্ৰাম্পৰ এই বিজয়ৰ পিছত এম এছ ধোনীৰ অনুৰাগীসকলে ‘থালা ফৰ এ ৰিজন’ নামেৰে সামাজিক মাধ্যমত একাধিক মিম শ্বেয়াৰ কৰে ৷ লগতে ধোনীয়ে ট্ৰাম্পৰ জয়ৰ মূল কাৰণ বুলি উল্লেখ কৰিছে ৷ সম্প্ৰতি বতাহৰ দৰে এই মিমবোৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।
6 নৱেম্বৰত (ভাৰতীয় সময় অনুসৰি) আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে । তাৰ পিছৰে পৰা সামাজিক মাধ্যম গৰম হৈ পৰিছে ধোনীৰ অনুৰাগীসকলৰ পোষ্টৰে ৷ আপুনি হয়তো ভাবিছে ট্ৰাম্পৰ জয়ৰ সৈতে ধোনীৰ কি সম্পৰ্ক ?
আচলতে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ জাৰ্ছীৰ নম্বৰ হৈছে 7 ৷ ভাইৰেল মিমসমূহ প্ৰত্যক্ষ কৰিলেহে আপুনি এই সমীকৰণ ভালদৰে বুজিব পাৰিব ৷
মিম ভাইৰেল হোৱাৰ প্ৰকৃত কাৰণ:
বুধবাৰে আছিল নৱেম্বৰ মাহৰ 6 তাৰিখ অৰ্থাৎ 6-11-2024 । ধোনী অনুৰাগীসকলৰ হিচাপ অনুসৰি, এই তাৰিখটো যোগ কৰিলে (6+1+1+2+2+4=16) উত্তৰ হ’ব 16 । আকৌ এই দুটা অংক যোগ কৰিলে 6+1=7 পোৱা যায় । গতিকে মিমবোৰত শ্বেয়াৰ কৰা হৈছে যে, ধোনীয়ে হৈছে ট্ৰাম্পৰ জয়ৰ মূল কাৰণ ।
আন কিছুমানে কয় যে, ট্ৰাম্পৰ জয়ৰ কাৰণ হ’ল আমেৰিকা 7 টা আখৰেৰে গঠিত । যিহেতু ট্ৰাম্প 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হৈছে, গতিকে শেষৰ সংখ্যা 7 হৈছে এই জয়ৰ অন্যতম কাৰণ ।