অসম

assam

ETV Bharat / politics

কংগ্ৰেছ শূন্য হোৱাৰ দিশে বঙাইগাঁও জিলা; বিজেপিত যোগদানৰ বাবে সাজু 15 হেজাৰ কংগ্ৰেছ কৰ্মী !

Shankar Prasad Ray joining Bjp: কংগ্ৰেছ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ ৰায়ৰ সৈতে আন বহু কংগ্ৰেছ নেতাই যোগদান কৰিব বিজেপি দলত ৷ কংগ্ৰেছ দললৈ পদত্যাগ পত্ৰ প্ৰেৰণৰ পাচত সংবাদ মাধ্যমৰ আগত এই মন্তব্য ৰায়ৰ ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে জিলাখনৰ পৰা প্ৰায় 15 হেজাৰ কংগ্ৰেছীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদানৰ সম্ভাৱনা ৷

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 8:47 AM IST

Updated : Feb 21, 2024, 9:27 AM IST

শূন্য হোৱাৰ দিশে নেকি বঙাইগাঁও জিলা কংগ্ৰেছ ?
শূন্য হোৱাৰ দিশে নেকি বঙাইগাঁও জিলা কংগ্ৰেছ ?

বঙাইগাঁও, 21 ফেব্ৰুৱাৰী:লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ ৰাজনৈতিক খহনীয়াৰ সন্মুখীন হৈছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ৷ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছ দলটো । এজনৰ পাচত আনজনকৈ কংগ্ৰেছ বিধায়কে শাসকীয় দল তথা চৰকাৰৰ প্ৰতি আনুগত্য স্বীকাৰ কৰাক লৈ অসম প্ৰদেশ কংগ্ৰেছ আৰু হাইকামাণ্ড সন্মুখীন হৈছে সমস্যাৰ ।

শূন্য হোৱাৰ দিশে নেকি বঙাইগাঁও জিলা কংগ্ৰেছ ?

শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কংগ্ৰেছ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ ৰায়ৰ পদত্যাগ পত্ৰই কঁপাইছে ৰাজীৱ ভৱনৰ ভিতৰচ’ৰা । কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ পিছত এইবাৰ নেতাগৰাকী বিজেপি দলৰ শৰণাপন্ন হ’ব বুলি সদ্য পদত্যাগী কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে ৷

কংগ্ৰেছ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ ৰায়ৰ পদত্যাগ পত্ৰ

অহা 22 ফেব্ৰুৱাৰীৰ দিনা বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচীত নেতাগৰাকীয়ে পুনৰ বিজেপি দলত যোগদান কৰিব বুলি জনায় । আনকি আৱেগৰ বশৱৰ্তী হৈহে একালৰ আছু কৰ্মীগৰাকীয়ে কংগ্ৰেছ দলত যোগদান কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । নেতাগৰাকীয়ে 22 ফেব্ৰুৱাৰীৰ দিনা তেওঁৰ সৈতে আন বহু কংগ্ৰেছ নেতাই বিজেপি দলত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে । আনহাতে, লোকসভা নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁও জিলাৰ পৰা প্ৰায় ১৫ হেজাৰ কংগ্ৰেছীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব বুলিও ৰায়ে জনায় ।

সদ্য দলত্যাগী নেতাজনে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰতিশ্ৰুতি পূৰণত কংগ্ৰেছ দল সদায়ে ব্যৰ্থ হৈ আহিছে বুলি উল্লেখ কৰে ৷ টিকট অথবা ৰাজনৈতিক মুনাফাৰ বিপৰীতে এগৰাকী সাধাৰণ কৰ্মী হিচাবে কাম কৰি যাবলৈহে ৰায়ে পুনৰ বিজেপি দলত যোগদান কৰিছে বুলি সংবাদ মাধ্যমৰ আগত কয় ৷

লগতে পঢ়ক:আকৌ খহনীয়াৰ ইংগিত ! বিজেপি-অগপলৈ যাব ৩ কংগ্ৰেছী নেতা

Last Updated : Feb 21, 2024, 9:27 AM IST

ABOUT THE AUTHOR

...view details