অসম

assam

ETV Bharat / politics

সমগ্ৰ দেশতে খোপনি হেৰুৱাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Assam CM slams Rahul Gnadhi: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ য’তেই উপস্থিত হৈছে তাতেই দেশৰ আটাইতকৈ পুৰণি বৃহৎ দলটোৱে বিপৰ্যয়ৰ সন্মুখীন হৈছে বুলি দলটোক সমালোচনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে ৰোড শ্ব' অনুষ্ঠিত কৰে বুলি সমালোচনা কৰে ৷

By ANI

Published : Feb 21, 2024, 10:17 AM IST

"Wherever Nyay Yatra goes, there will be 'Anyay' with Congress": Assam CM
সমগ্ৰ দেশতে খোপনি হেৰুৱাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী:ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি অব্যাহত 'ভাৰত জোড়ো ন্যায় যাত্ৰা' সন্দৰ্ভত পুনৰ সমালোচনাত মুখৰ হৈ পৰিলঅসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সোমবাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰত বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি দাবী কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ য’তেই উপস্থিত হৈছে তাতেই দেশৰ আটাইতকৈ পুৰণি বৃহৎ দলটোৱে বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ শৰ্মাই কয়, "য'তেই (ভাৰত জোড়ো) ন্যায় যাত্ৰা পাৰ হৈ গৈছে, তাতেই কংগ্ৰেছৰ পতন ঘটিছে ৷ এতিয়া, ইউ পিলৈ গৈ আছে যদিও অখিলেশ যাদৱৰ সৈতে মতানৈক্যৰ সন্মুখীন হৈছে । য'তেই ন্যায় যাত্ৰা যাব তাতেই কংগ্ৰেছৰ সৈতে অন্যায় হ'ব ।"

বিজয় সংকল্প যাত্ৰাত শৰ্মাই কয় যে ৰাহুল গান্ধীয়ে মিছা কথাৰ বাহিৰে এই পৃথিৱীত একো শিকিব পৰা নাই । শৰ্মাই মোদী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি কয়, "ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কি কৰিলে বুলি প্ৰশ্ন সোধে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে ৰোড শ্ব' অনুষ্ঠিত কৰে ৷ ৰাহুল গান্ধীয়ে মিছাৰ বাহিৰে এই পৃথিৱীত একো শিকিব পৰা নাই ৷ ৰাহুল গান্ধীয়ে ভাৰত ভ্ৰমণ কৰি আছে । যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তিনিখন ৰাজ্যৰ নিৰ্বাচনত পৰাস্ত হৈছিল । এইবাৰ তেওঁ সমগ্ৰ দেশ হেৰুৱাব ।"

মঙলবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আঠত্ৰিশতম দিনটোত এখন ৰাজহুৱা সভাত ভাষণ দি ৰাহুলে কয়, "ভাৰতত শক্তি, সম্পদ আৰু পুঁজি 2-3 শতাংশ লোকৰ হাতত থকাৰ বিপৰীতে প্ৰায় নব্বৈ শতাংশ লোক সকলো সা-সুবিধাৰ পৰা বঞ্চিত ৷ দলিত, পিছপৰা, আদিবাসী আৰু সাধাৰণ বৰ্গৰ মাজৰ দৰিদ্ৰসকলৰ ক'তো কোনো প্ৰতিনিধিত্ব নাছিল-সেয়া শ্বাংকি কৰ্পৰেট কাৰ্যালয় হওক, ন্যায়পালিকা, সংবাদ মাধ্যম, ব্যক্তিগত চিকিৎসালয় অথবা শিক্ষানুষ্ঠান যিয়েই নহওক কিয় ।"

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ কংগ্ৰেছৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা' 15 খন ৰাজ্যৰ মাজেৰে 6700 কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্য লৈছে দলটোৱে ।

লগতে পঢ়ক:বিহাৰত ভাৰত জোড়ো ন্যায় যাত্ৰা, ৰাহুল গান্ধীক তেজস্বী যাদৱৰ সংগ

ABOUT THE AUTHOR

...view details