জোনাই, 6 এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ । তাৰ সমান্তৰালকৈ 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ 80 নং জোনাই বিধানসভা সমষ্টিৰ জোনাইৰ জোনেকাৰেংস্থিত আবুটানি লত্তাত শুকুৰবাৰে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "নিৰ্বাচন আহি থাকে আৰু বহু নিৰ্বাচন গ'ল । কিন্তু এইবাৰৰ নিৰ্বাচনটো এইকাৰণে গুৰুত্বপূৰ্ণ যে অহা পাঁচ বছৰৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয়খন সৰ্ববৃহৎ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ চৰকাৰ হ'লেহে সেয়া পূৰণ হ'ব । সেই লক্ষ্যত উপনীত হ’বৰ বাবে এই বিকাশ যাত্ৰাক তীব্ৰ গতি দিয়াৰ বাবে বিজেপিৰ নেতৃত্বত এখন চৰকাৰ দিল্লীত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷"
সোণোৱালে পুনৰ কয়, "দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ 60 বছৰীয়া শাসনৰ সময়ছোৱাত অপশাসন আৰু ভ্ৰষ্টাচাৰ, দুৰ্নীতি,পৰিয়াল কেন্দ্ৰিকতা আৰু সাম্প্ৰদায়িক বিভাজন, বৈষম্যমূলক ৰাজনীতিৰ বাবে ভাৰতবৰ্ষৰ দৰে এখন সম্পদশালী ৰাষ্ট্ৰ অন্ধকাৰত ডুব গৈ আছিল ৷ কিন্তু আজি এইখন ৰাষ্ট্ৰক সু-সংগঠিত কৰি ভাৰতবৰ্ষৰ প্ৰতিটো জাতি, জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ সকলোকে সম মৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰ প্ৰধান কৰাৰ বাবে 2014 চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ যি বিকাশ যাত্ৰা আৰম্ভ কৰিলে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ জনগণ লাভাম্বিত হৈছে ৷ কংগ্ৰেছক অকল ক্ষমতা লাগে ৷"