নেশ্যনেল ডেস্ক, ৭ জুন:ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ বাবে শাসনৰ গাদীত বহিবলৈ ওলাইছে নৰেন্দ্ৰ মোদী । অৱশ্যে নিৰ্বাচনৰ সময়ত যি লক্ষ্য লৈ বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তাৰ পৰা বহু দূৰৈতে থমকি ৰ'ল গেৰুৱা দলটো । নিজে চৰকাৰ গঠন কৰিবৰ জোখাৰে আসনো লাভ নকৰিলেে বিজেপিয়ে । তাতোকৈ ডাঙৰ কথা হৈছে এইবাৰৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয়ৰ ব্যৱধান । তেওঁৰ ক্ৰমাগতভাৱে হ্ৰাস পোৱা এই জয়ৰ ব্যৱধানে নৰেন্দ্ৰ মোদীৰ গ্ৰহণযোগ্যতা সন্দৰ্ভতো ৰাজনৈতিক মহলত চৰ্চা চলিছে ।
বাৰাণসী লোকসভা সমষ্টিৰ ফলাফলে আচৰিত কৰিছে সমগ্ৰ দেশবাসীক । সমষ্টিটোৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় লাভ কৰে যদিও বিপক্ষৰ প্ৰাৰ্থী অজয় ৰায়ৰ পৰাজয়ৰ বিষয়েহে আটাইতকৈ বেছি চৰ্চিত হোৱা পৰিলক্ষিত হৈছে । কিয়নো বিগত বৰ্ষবোৰৰ তুলনাত প্ৰধানমন্ত্ৰী মোদীৰ ভোটৰ ব্যৱধান হ্ৰাস পোৱাৰ বিপৰীতে অজয় ৰায়ৰ ভোটৰ হাৰ এইবাৰ যথেষ্ট বৃদ্ধি হয় ৷
এইবাৰ ১,৫২,৫১৩ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে মোদীয়ে । বিজেপিয়েও প্ৰধানমন্ত্ৰী মোদীক অভিলেখসংখ্যক ভোটত জয়ী কৰাবলৈ চেষ্টা চলাইছিল । কিন্তু সেয়া সম্ভৱ হৈ নুঠিল । সেয়ে এইবাৰ পৰাজিত হৈও সুখী কংগ্ৰেছ নেতা অজয় ৰায় । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান আগবঢ়ায় । ৭৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভোটৰ হাৰে অভিলেখৰ সৃষ্টি কৰা বুলিও এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে ।
৭৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কংগ্ৰেছে একেৰাহে তিনিবাৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিচতো বাৰাণসী আসনত অধিক ভোটৰ হাৰ লাভ কৰিছে । কংগ্ৰেছে বাৰাণসীৰ প্ৰতিটো শ্ৰেণীৰ লোকৰে ভোট লাভ কৰিছে । আনহাতে বিজেপিৰ নিজা ভোটাৰো এইবাৰ কংগ্ৰেছৰ ফালে গৈছে বা ভোট দিবলৈ অহা নাই ।
এইগৰাকী হৈছে সেইগৰাকীয়ে অজয় ৰায়, যিয়ে ২০০৯ চনৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হ'বলৈ চেষ্টা কৰি আহিছে । ২০১৪ আৰু ২০১৯ চনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু তেওঁৰ পৰাজয়ৰ পাচত প্ৰশ্ন উত্থাপিত হৈছে যে ৰায়ে কেৱল ভোট ভাঙিবলৈহে কাম কৰি আছিল ।
বাৰাণসীত কংগ্ৰেছ কিমানবাৰ জয়ী হৈছে ?
বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজয়ে ভাৰতীয় জনতা পাৰ্টীৰ যাত্ৰাত আন এক অভিলেখ যোগ কৰিছে । ১৯৫২ চনৰ পৰা ২০২৪ চনলৈকে বাৰাণসীত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে । তেতিয়াৰ পৰা ১৭ টা নিৰ্বাচন অনুষ্ঠিত হৈছে । ইয়াৰে ভিতৰত কংগ্ৰেছে ১৯৫২, ১৯৫৭, ১৯৬২, ১৯৭১, ১৯৮০, ১৯৮৪ আৰু ২০০৪ চনৰ নিৰ্বাচনত জয় লাভ কৰিছে ।