গুৱাহাটী, ১৪ মাৰ্চ :কথা আছিল আজমলক একাষৰীয়া কৰি ১৬ টা বিৰোধী দল লগ লাগি লোকসভা নিৰ্বাচনত এটাও ভোট বিভাজন হ'বলৈ নিদি বাৰুকৈয়ে এসেকা দিব বিজেপিক । নিৰ্বাচনৰ কাষ চাপি অহাৰ লগে লগে ফলাফল শূন্য হৈ দেখা দিলে । বিজেপিক ৰুধিবলৈ মিত্ৰজোঁটৰ নামত কংগ্ৰছেৰ নেতৃত্বত অসমৰ বিৰোধীৰ প্ৰায় দুবছৰ জোৰা প্ৰস্তুতি চলিছিল । পিছে ফলাফলত কংগ্ৰছে অকলেই অসমত খেলিব ১৩ খন আসনত । এতিয়া এটাৰ পিচত এটাকৈ ৰাজনৈতিক দলে এৰিছে কংগ্ৰেছৰ সংগ । মিত্ৰতা ভংগৰ দোষ কাৰ ?
কংগ্ৰেছক বিশ্বাসঘাতকৰ দল আখ্যা আপ অসমৰ
অনানুষ্ঠানিকভাৱে বিৰোধী দলসমূহৰ ভিতৰত সৰ্বপ্ৰথমে কংগ্ৰেছৰ পৰা আঁতৰি আহিছিল আম আদমি পাৰ্টী । কংগ্ৰেছে আসন ঘোষণা কৰাৰ বহু আগতেই মিত্ৰজোঁটৰ পৰা ফালৰি কাটি ৰাজ্যৰ তিনিটাকৈ লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিলে আম আদমি পাৰ্টীয়ে । কংগ্ৰেছে অসমৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিচত অসমৰ বহুকেইটা সমষ্টিত প্ৰাৰ্থী দিবলৈ ৰণচালি পাতি আপে বুধবাৰে দুবাৰকৈ সময় দি বাতিল কৰিলে সংবাদমেল । সংবাদমেল বাতিল কৰিলেও সামাজিক মাধ্যমত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল আপ নেতা-কৰ্মী ৷
সামাজিক মাধ্যমত দলটোৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই মন্তব্য কৰিছে,"কংগ্ৰেছ এটা বিশ্বাসঘাতক দল ৷ আলোচনাৰ নামত দীঘলীয়া সময় নষ্ট কৰিলে ৷ এটা চিটত জিকাটোও ডাঙৰ কথা হ'ব ৷ বিৰোধী ঐক্যমঞ্চ নাম দি বিৰোধীক দুৰ্বল কৰি বিজেপিৰ হৈ তেৰ সমষ্টিত প্ৰাৰ্থী দি বিজেপিক জয়ী হোৱাত সহায় কৰিলে ৷"
আনহাতে এআইইউডিএফৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ আপ নেতা মামুন ইমদাদুল হক চৌধুৰীয়েও সামাজিক মাধ্যমত লিখিছে,"কংগ্ৰেছে যদি অকলেই ১৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে বিৰোধী ঐক্যমঞ্চৰ নামত এই নাটকখন কৰাৰ কি প্ৰয়োজন আছিল ? কংগ্ৰেছৰ সৈতে সহাৱস্থানতো দূৰৰ কথা কংগ্ৰেছক বিশ্বাস কৰি আগবঢ়াই লৈ যোৱাটো এটা অন্যতম জটিল কাম । কিন্তু, কংগ্ৰেছৰ এনে চৰিত্ৰৰ কথা জানিও দলীয় মঞ্চত আমি বিৰোধী ঐক্যমঞ্চৰ সপক্ষে সৰ্বাধিক সৰৱ ভূমিকা গ্ৰহণ কৰিছিলো । কাৰণ এটাই - বিৰোধী ভোট যাতে বিভাজন নহয় । কিন্তু কংগ্ৰেছে নিবিচাৰে বিজেপিৰ বিৰুদ্ধে সকলোৱে এক হৈ অৱতীৰ্ণ হওঁক।"
আলোচনাই নকৰিলে কংগ্ৰেছে : CPIৰ অভিযোগ
কংগ্ৰেছৰ প্ৰতি বিশ্বাস ভংগৰ অভিযোগ তুলি যোৰহাটত নিজাববীয়া প্ৰাৰ্থী দিব বুলি দুদিন আগতে ঘোষণা কৰিছিল বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দল চিপিআইয়ে ৷ চিপিআইয়ে মিত্ৰজোঁটত ন্যায্য মৰ্যাদা নোপোৱাৰ অভিযোগ কংগ্ৰেছৰ প্ৰতি ৷ দলটোৰ অভিযোগ আছিল কংগ্ৰেছে কোনো কথাতে গুৰুত্ব নিদিলে চিপিআইৰ ৷