নেশ্যনেল ডেস্ক, 6 ফেব্ৰুৱাৰী : ইউনিফৰ্ম চিভিল কোডক লৈ সমগ্ৰ দেশতে বিতৰ্ক অব্যাহত আছে । এক দেশ এক আইনৰ লক্ষ্যৰে মোডী চৰকাৰে ইউনিফৰ্ম চিভিল কোডৰ ক্ষেত্ৰত জোৰ দিছে । উত্তৰাখণ্ড আৰু সমগ্ৰ দেশবাসীৰ উৎকণ্ঠা সামৰি অৱশেষত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা সদনৰ মজিয়াত ইউনিফৰ্ম চিভিল কোড বিধেয়ক 2024 উত্থাপন কৰে ৷ ইতিমধ্যে এই বিলখনৰ সন্দৰ্ভত সদনত আলোচনা অব্যাহত আছে । এই বিধেয়ক উত্থাপনৰ লগে লগে সদনৰ ভিতৰত জয় শ্ৰীৰাম, বন্দে মাতৰম আৰু ভাৰত মাতা কী জয় ধ্বনিৰে চাৰিওফালে হাত চাপৰি বজায় ৷
এই বিধেয়ক মুছলমান সম্প্ৰদায়ৰ যুৱতীসকলৰ বাবে হ’ব সুৰক্ষা কবচ :ইউনিফৰ্ম চিভিল কোডত কন্যাসকলৰ সুৰক্ষাৰ বিশেষভাৱে যত্ন লোৱা হৈছে । ইয়াৰ অধীনত হিন্দু আৰু মুছলমানকে ধৰি সকলো ধৰ্মৰ ছোৱালীৰ বিবাহৰ নিম্নতম বয়স 18 বছৰ ৰখা হৈছে । এই বিধেয়কৰ অধীনত সকলো ধৰ্মৰ যুৱতীয়ে তেওঁলোকৰ ভাতৃৰ দৰে পিতৃৰ সম্পত্তিৰ প্ৰাপ্ত কৰাৰ অধিকাৰ লাভ কৰিব । ইয়াৰ বাহিৰেও, পাৰ্চী সম্প্ৰদায়ত প্ৰথম বিবাহ বিচ্ছেদৰ পিচত দিয়া সময় আছিল 2 বছৰ, কিন্তু এতিয়া সেই ম্যাদ 6 মাহলৈ হ্ৰাস কৰা হৈছে । ইয়াৰ উপৰিও এই বিধেয়কৰ অধীনত বিবাহ বিচ্ছেদৰ পিচত মুছলমান সম্প্ৰদায়ৰ মহিলাসকলক ৰক্ষণাবেক্ষণ প্ৰদান কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷