অসম

assam

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 10:48 PM IST

ETV Bharat / politics

বিশেষভাৱে সক্ষম ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান - PWD polling personnel in Sonitpur

PWD polling personnel in Sonitpur : শোণিতপুৰ জিলাত স্থাপন কৰা হ’ব মুঠ তিনিটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ ৷ য’ত নিয়োজিত হ’ব বিশেষভাৱে সক্ষম বিষয়া-কৰ্মচাৰী ৷ তেনে বিষয়া-কৰ্মচাৰীসকলক প্ৰদান কৰা হৈছে প্ৰশিক্ষণ ৷

PWD polling personnel in Sonitpur
বিশেষভাৱে সক্ষম ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান

বিশেষভাৱে সক্ষম ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান

তেজপুৰ, ২৪ মাৰ্চ : ২০২৪ চনৰ সংসদীয় নিৰ্বাচনত ১১ নং শোণিতপুৰ সংসদীয় সমষ্টিত নিয়োজিত হ’ব বিশেষভাৱে সক্ষম (পি ডব্লিউ ডি) ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰী ৷ জিলাখনত মুঠ ৩ টা এনে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা আয়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়াই ।

দেওবাৰে উক্ত কৰ্মচাৰীসকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী শোণিতপুৰ জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ প্ৰশিক্ষণ কোষৰ উদ্যোগত তেজপুৰ একাডেমী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । শোণিতপুৰ জিলা আয়ুক্ত তথা ১১ নং শোণিতপুৰ সংসদীয় সমষ্টিৰ ৰিটাৰ্নিং বিষয়া দেৱ কুমাৰ মিশ্ৰই প্ৰশিক্ষণৰ স্থান পৰিদৰ্শন কৰি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে ।

প্ৰায় ৩৫ গৰাকী বিশেষভাৱে সক্ষম ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰীৰ বাবে আয়োজন কৰা এই কাৰ্যসূচীত উপস্থিতসকলে উৎসাহেৰে প্ৰশিক্ষণ অংশগ্ৰহণ কৰে ৷ সভাত ভাষণ দি জিলা আয়ুক্তগৰাকীয়ে এক সমাবেশী নিৰ্বাচনৰ ওপৰত আলোকপাত কৰে, যাৰ জৰিয়তে সমাজৰ সকলো যোগ্য শ্ৰেণীয়ে এই বৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে ৷ তেওঁ জনোৱা মতে, ১১ নং শোণিতপুৰ সংসদীয় সমষ্টিয়ে মুঠতে ৩টা মডেল পি ডব্লিউ ডি ভোটগ্ৰহণ কেন্দ্ৰ, যাৰ ভিতৰত এটা ঢেকীয়াজুলিত আৰু দুটা তেজপুৰত স্থাপন কৰি ভোটগ্ৰহণত নিয়োজিত বিশেষভাৱে সক্ষম বিষয়া কৰ্মচৰাৰীৰে পৰিচালনা কৰিবলৈ পৰিকল্পনা কৰিছে ।

তেওঁ প্ৰশিক্ষাৰ্থী আৰু উপস্থিত ৰাইজক আশ্বাস দিয়ে যে জিলা প্ৰশাসনে এই তিনিটা নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত বিশেষ পৰিবহণ ব্যৱস্থা কৰা, স্বাস্থ্য সুবিধাৰ লগতে অন্যান্য সকলো প্ৰয়োজনীয় সহায় আগবঢ়াব । জিলাখনত মুঠ 6428 গৰাকী এনে বিশেষভাৱে সক্ষম ভোটাৰ আছে ।

ইভিএমৰ ব্যৱহাৰৰ ওপৰত হাতে-কামে প্ৰশিক্ষণ, প্ৰতিজন ভোটগ্ৰহণ বিষয়া-কৰ্মচৰাৰীৰ ভূমিকা আৰু দায়িত্ব, প্ৰশিক্ষাৰ্থীসকলে সন্মুখীন হ’ব পৰা যিকোনো সন্দেহ বা সম্ভাব্য অসুবিধাৰ ওপৰত ভাব-বিনিময়মূলক আলোচনা আদিও কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হয় ।

লগতে পঢ়ক:বিশ্বনাথত মুখ্য নিৰ্বাচনী বিষয়া-নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকৰ বৈঠক

ABOUT THE AUTHOR

...view details