অসম

assam

ETV Bharat / politics

ঘৰৰ ল'ৰা ঘৰলৈ ! হাত এৰি পুনৰ নাঙলত ধৰিলে প্ৰবীণ বড়োৱে - PRABIN BORO JOINS BPF

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা প্ৰাক্তন আছু-অগপ নেতা প্ৰবীণ বড়োৰ পুনৰ বি পি এফত যোগদান ।

Prabin Boro joins BPF
পুনৰ বি পি এফত যোগদান প্ৰবীণ বড়োৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 16, 2025, 8:04 PM IST

চিৰাং :হাত এৰি পুনৰ নাঙলত ধৰিলে প্ৰাক্তন আছু নেতা প্ৰবীণ বড়োৱে । এসময়ত অগপ ত্যাগ কৰি বি পি এফত যোগদান কৰাৰ পিছত মাজতে দল সলাই কংগ্ৰেছত যোগদান কৰিছিল প্ৰবীণ বড়োৱে ।

বৰ্তমানলৈকে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত আছিল প্ৰবীণ বড়ো । কিন্তু বৃহস্পতিবাৰে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত দলটোৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি পুনৰ বি পি এফত যোগদান কৰে প্ৰবীণ বড়োৱে ।

পুনৰ বি পি এফত যোগদান প্ৰবীণ বড়োৰ (ETV Bharat Assam)

চিৰাঙৰ স্যামথাইবাৰীস্থিত হাগ্ৰামা মহিলাৰীৰ বাথৌ খেৰাই ৰিজ'ৰ্টত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনাই কংগ্ৰেছ নেতাজনক । আনহাতে, প্ৰবীণ বড়োৰ সৈতে কংগ্ৰেছৰ আন এজন নেতা শংকৰ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক দীপজ্যোতি চহৰীয়ায়ো বি পি এফ দলত যোগদান কৰে । উল্লেখ্য যে বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বি টি চিত আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি ।

উল্লেখ্য যে প্ৰাক্তন আছু নেতা প্ৰবীণ বড়োৱে আছু এৰাৰ পিছত প্ৰথমতে অগপ দলত যোগদান কৰিছিল । কিছুদিন দলটোত থকাৰ পিছত বি পি এফ দলত যোগদান কৰে । কিন্তু দলীয় সিদ্ধান্তক লৈ হাগ্ৰামা মহিলাৰীৰে সংঘাত হোৱাত ২০২৩ চনৰ শেষৰ পিনে তেওঁ বি পি এফ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে । ইয়াৰ পিছত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাপে ১৫ মাহ থাকি পুনৰ বি পি এফ দললৈ ঘূৰি আহে প্ৰবীণ বড়ো । বৃহস্পতিবাৰে তেওঁ আনুষ্ঠানিকভাৱে বি পি এফত যোগদান কৰে ।

ইফালে যোগদান অনুষ্ঠানৰ পিছত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয়, "বহুত ভাল লাগিছে আমাৰ দললৈ আকৌ ঘূৰি আহিছে প্ৰবীণ বড়ো আৰু দীপজ্যোতি চহৰীয়া ।"

আনহাতে, বি পি এফৰ কেন্দ্ৰীয় ষষ্ঠ ত্ৰিবাৰ্ষিক অধিবেশন অহা ২০ আৰু ২১ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ২১ তাৰিখে আক্ৰাছুৰ বন্ধৰ বাবে অধিবেশন আগুৱাই ১৯ আৰু ২০ তাৰিখ কৰা হৈছে বুলিও জনাই হাগ্ৰামা মহিলাৰীয়ে । এই সন্দৰ্ভত তেওঁ কয়, "বি পি এফ দলৰ এইবাৰৰ অধিবেশন বহু গুৰুত্বপূৰ্ণ হ'ব । কাৰণ এই অধিবেশনতে বি পি এফে বি টি চিত চৰকাৰ গঠন কৰিলে যুৱ প্ৰজন্মৰ নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে প্ৰথমে এশ কোটিৰ বাজেট লৈ কাম কৰিব, সেই বিষয়ে আলোচনা হ'ব । ভূমিপট্টা আৰু সকলো জাতি-জনগোষ্ঠীক লৈ কিদৰে উন্নয়ন কৰি বি টি চিক আগুৱাই নিয়া হ'ব সেই সকলো দিশ বিশদভাৱে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব ।"

তেওঁ লগতে কয়, "ইউ পি পি এলৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ বহু কেন্দ্ৰীয় নেতা বি পি এফত আহিবলৈ লাইনত আছে । বি টি চি পৰিষদীয় নিৰ্বাচনৰ আগতে যোগদান হ'ব ।"

উল্লেখ্য যে বি পি এফৰ বিগত কাৰ্যকৰী সভাৰ সিদ্ধান্ত অনুসৰি ২০২৫ৰ বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে বি পি এফৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে আবেদন কৰাৰ অন্তিম সময় ১৫ জানুৱাৰী আছিল যদিও সেয়া বঢ়াই ৩১ জানুৱাৰী কৰা হৈছে । ইতিমধ্যে বহুতেই আবেদন কৰিছে আৰু আবেদন কৰিব বুলিও জনাই হাগ্ৰামা মহিলাৰীয়ে । আনহাতে, এইবাৰ বি পি এফৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে দুই লাখ টকাৰ চেকসহ আবেদন কৰিব লাগিব প্ৰাৰ্থিত্বৰ বাবে ।

ইফালে দললৈ পুনৰ ঘূৰি আহি প্ৰবীণ বড়োৱে কয়, "মই বি পি এফ দলতে আছিলোঁ, এতিয়া আকৌ ঘূৰি আহিছোঁ । মাজতে ১৫ মাহ কংগ্ৰেছ দলত গৈছিলোঁ যদিও দলৰ ভিতৰৰ কথা নকওঁ । বি টি চিত বি পি এফ দলৰ বিকল্প নাই । সকলো জাতি-জনগোষ্ঠীৰ লোকে বি পি এফ দলক আঁকোৱালি লৈছে ।"

ইয়াৰ উপৰি বি টি চিৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰাক্তন বি পি এফ কৰ্মী হিচাপে আমাৰো দায়িত্ব আছে বুলি কয় প্ৰবীণ বড়োৱে । এই বিভিন্ন দিশ চালিজাৰি চোৱাৰ পিছত পুনৰ বি পি এফ দললৈ ঘূৰি অহাৰ সিদ্ধান্তৰে বি পি এফ দলত যোগদানৰ কৰা বুলি কয় প্ৰবীণ বড়োৱে ।

উল্লেখ্য যে এই যোগদান অনুষ্ঠানত বি পি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম, মহিলা বি পি এফৰ নেতৃত্ব, যুৱ বি পি এফৰ নেতৃত্বৰ লগতে বি পি এফ দলৰ কেইবাজনো কেন্দ্ৰীয় নেতাও উপস্থিত থাকে ।

লগতে পঢ়ক :বিজেপিৰ নতুন ৰাজ্যিক সভাপতিয়ে খেলিব নোৱাৰিব নিৰ্বাচন : ঘোষণা মুখ্যমন্ত্ৰীৰ - ASSAM BJP PRESIDENT ELECTION
লগতে পঢ়ক :ৰাহুল গান্ধীৰ নাম শুনিলে কাৰ অমংগল হয় ? ক'লে মুখ্যমন্ত্ৰীয়ে - ASSAM CABINET MORIGAON

ABOUT THE AUTHOR

...view details