অসম

assam

ETV Bharat / politics

মনোনয়ন দাখিল কৰি ৰকিবুল হুছেইনক কি আহ্বান জনালে দিপ্লুৰঞ্জন শৰ্মাই ? - ASSAM BYE ELECTIONS 2024

বিশাল সমদলেৰে নগাঁৱত মনোনয়ন দাখিল চামগুৰিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ । তাঞ্জিল হুছেইনক ভাতৃসম বুলি উল্লেখ কৰি ৰকিবুল হুছেইনক বিশেষ আহ্বান ।

Samaguri Bypoll
দিপ্লুৰঞ্জন শৰ্মাৰ মনোনয়ন দাখিল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 6:51 PM IST

Updated : Oct 25, 2024, 8:12 PM IST

নগাঁও:আগন্তুক ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ২৫ নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰ । এই মনোনয়ন দাখিলৰ অন্তিমদিনা চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিৰ মনোনীত প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে দিপ্লুৰঞ্জন শৰ্মাই ।

শুকুৰবাৰে চামগুৰি সমষ্টিৰ পৰা এক বিশাল ৰেলীৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে । জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা গুৰুত্বপুৰ্ণ মন্তব্য কৰে চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে ।

দিপ্লুৰঞ্জন শৰ্মাৰ মনোনয়নৰ সময়ত সংগ দিলে কেইবাগৰাকীও মন্ত্ৰী তথা বিজেপি নেতাই (ETV Bharat Assam)

শুকুৰবাৰে মনোনয়ন দাখিল কৰিয়েই প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনক নিজ ভাতৃসম বুলি উল্লেখ কৰি তাঞ্জিল হুছেইনৰ পিতৃ তথা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক এক আহ্বান জনাই বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ।

উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰ পৰাই বিশেষকৈ চামগুৰি সমষ্টিত আৰম্ভ হোৱা নিৰ্বাচনী হিংসাই চামগুৰিৰ ৰাজনৈতিক পৰিৱেশ একপ্ৰকাৰ উত্তাল কৰি তোলাৰ সময়তে প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনক উদ্দেশ্যি কয়, "তাঞ্জিল মোৰ ভাতৃসম । মই আহ্বান জনাইছো চামগুৰিত তাঞ্জিল আৰু মোক এক ইতিবাচক আৰু সুস্থ ৰাজনীতি কৰিবলৈ ৰকিবুল হুছেইনে সুযোগ দিয়ক ।"

বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই পুনৰবাৰ ৰকিবুল হুছেইনক কটাক্ষ কৰি কয়, "ৰকিবুল হুছেইনৰ ৰাজনীতিয়ে সমগ্ৰ সমাজখনকে কলুষিত কৰিছে । চামগুৰিত এইবাৰ ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটিব । শুকুৰবাৰে উলিওৱা আমাৰ ৰেলীত লাভ কৰা সঁহাৰিয়ে সমষ্টিটোত বিজেপিৰ বিজয় নিশ্চিত কৰিছে ।"

চামগুৰি সমষ্টিত সংঘটিত ৰাজনৈতিক হিংসাত এগৰাকী বিজেপি কৰ্মীৰ মৃত্যুৰ ঘটনাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে । ৰাজনৈতিক সন্ত্ৰাসৰ ক্ষেত্ৰত ৰকিবুল হুছেইনে পি এইচ ডি লোৱা বুলি কটাক্ষ কৰি বিজেপি প্ৰাৰ্থীগৰাকীৰ মন্তব্য, "বিজেপিৰ ৰেলীত ৰকিবুল হুছেইনে বিজেপিৰ ফ্লেগ হাতত লৈ কংগ্ৰেছৰ মানুহ সুমুৱাই সংঘাত সৃষ্টি কৰি আন দলক বদনাম জাপি দিয়ে ।"

আনহাতে, শুকুৰবাৰে বিজেপিৰ প্ৰাৰ্থীৰ মনোনয়নৰ সময়ত উলিওৱা ৰেলীৰ সময়তো পথত একাংশ কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণৰ প্ৰচেষ্টা চলোৱা বুলিও অভিযোগ উত্থাপন কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ।

মুঠৰ ওপৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত অধিক আকৰ্ষণীয় হৈ পৰিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন । দিনকদিনে অধিক উত্তপ্ত হৈ পৰিছে চামগুৰি সমষ্টিৰ ৰাজনৈতিক পৰিবেশ ।

উল্লেখ্য যে মনোনয়ন দাখিলৰ সময়ত বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাক সংগ দিয়ে দলটোৰ সভাপতি ভৱেশ কলিতাৰ লগতে মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্তমল্ল বৰুৱা, বিমল বড়া, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । আনহাতে, ৰকিবুল হুছেইনৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আনে ভৱেশ কলিতা, জয়ন্তমল্ল বৰুৱা, বিমল বড়া, তথা ৰূপজ্যোতি কুৰ্মীয়েও ।

তেওঁলোকৰ ৰাজনৈতিক আক্ৰমণৰ লক্ষ্য হৈ পৰে কংগ্ৰেছ সাংসদ তথা চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইন । ৰূপজ্যোতি কুৰ্মীৰ পৰা আৰম্ভ কৰি ভৱেশ কলিতালৈকে সকলোৰে মুখত কেৱল ৰকিবুল হুছেইনৰ বিৰুদ্ধে মন্তব্য ।

কুৰুকুল ধ্বংসৰ বাবে ১৩ নৱেম্বৰত ওলাই আহিব চামগুৰিৰ ভোটাৰ : ভৱেশ কলিতা

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ মনোনয়নত উপস্থিত থাকি চামগুৰি সমষ্টিত বছৰ বছৰ ধৰি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি অহাৰ অভিযোগ উত্থাপন কৰি এইবাৰ কুৰুকুল ধ্বংস হ'ব বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।

তেওঁ কয়, "কুৰুকুল ধ্বংসৰ বাবে আগন্তুক ১৩ নৱেম্বৰত চামগুৰিৰ ভোটাৰ ৰাইজ ওলাই আহিব । কংগ্ৰেছ-এ আই ইউ ডি এফ একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি । বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি নাপাই বিজেপিৰ কৰ্মীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া হৈছে ।" লগতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক হায়াৰ কৰা খেলুৱৈৰ সৈতে তুলনা ভৱেশ কলিতাৰ । চামগুৰিত সংঘটিত নিৰ্বাচনী হিংসাৰ ফল কংগ্ৰেছে ভোগ কৰিব বুলিও মন্তব্য ভৱেশ কলিতাৰ ।

চামগুৰিৰ নিৰ্বাচনী হিংসা ৰকিবুলৰ হতাশাৰ বহিঃপ্ৰকাশ : জয়ন্ত মল্লবৰুৱা

ইফালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, "ৰকিবুল হুছেইনৰ লগতে ৰকিবুলৰ লগত থকা সকলো এতিয়া হতাশাত ভুগিছে । ৰকিবুল হুছেইনৰ হতাশাৰ পৰিণতিতেই চামগুৰিত নিৰ্বাচনী হিংসাত্মক ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । চামগুৰিৰ নিৰ্বাচনী হিংসাত্মক ঘটনা ৰকিবুল হুছেইনৰ হতাশাৰ বহিপ্ৰকাশ ।" এইবাৰৰ উপ-নিৰ্বাচনে ৰকিবুল হুছেইৰ বংশ পৰম্পৰা ধ্বংস কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

অপশাসনৰ বিৰুদ্ধে মুক্তি বিচাৰিছে চামগুৰিৰ ৰাইজে : বিমল বড়া

"চামগুৰিত চলি থকা অপশাসনৰ বিৰুদ্ধে এইবাৰ মুক্তি বিচাৰিছে চামগুৰিবাসীয়ে ।" এই মন্তব্য মন্ত্ৰী বিমল বড়াৰ । চামগুৰিত এইবাৰ অপশাসনৰ পৰা মুক্তি দিবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলিও মন্তব্য কৰে মন্ত্ৰী বিমল বড়াই ।

ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ

"চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ গুণ্ডাৰাজৰ এইবাৰ অৱসান ঘটিব । ৰকিবুল হুছেইনৰ দিনত চতুৰ্থ বৰ্গৰ চাকৰিতো ধন লৈছিল ।" এই মন্তব্য বিধায়ক ৰূপজ্যেতি কুৰ্মীৰ । ৰকিবুল হুছেইন গঁড় চিকাৰৰ সৈতেও জড়িত থকাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে বিধায়ক ৰূপজ্যেতি কুৰ্মীয়ে । কেৱল সেয়াই নহয়, ৰকিবুল হুছেইনক চোৰ-ডকাইতৰ সৈতেও তুলনা কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

উল্লেখ্য, শুকুৰবাৰে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ মনোনয়নৰ সময়ত বিজেপি সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্তমল্ল বৰুৱা, বিমল বড়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিতু গোস্বামী, ৰূপক শৰ্মাৰ লগতে দলটোৰ বহুকেইগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :বিধানসভাৰ অধ্যক্ষই শুনানি ল’লে ৰকিবুল-শ্বেৰমানৰ
লগতে পঢ়ক :চামগুৰিৰ সাংবাদিক আক্ৰমণৰ ঘটনাৰ নতুন মোৰ: হিংসাত্মক ঘটনাত মৃত্যু বিজেপি কর্মীৰ
Last Updated : Oct 25, 2024, 8:12 PM IST

ABOUT THE AUTHOR

...view details