গুৱাহাটী, ১৫ জুন : বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাৰ ভেঁটিত গঢ় লৈ উঠা অসমীয়া জাতিৰ এক গৰিমাময় ঐতিহ্য আছে । এই ঐতিহ্যই প্ৰতিপন্ন কৰে যে অসমীয়া জাতি এক সমন্বয়ৰ জাতি । এই সমন্বয়ত চাহ জনগোষ্ঠীও অন্যতম । অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ । অসমৰ মুঠ জনসংখ্যাৰ ১৮ শতাংশ চাহ জনগোষ্ঠীৰ । অসমৰ এই বৃহৎ জনগোষ্ঠীটো কিন্তু সময়ৰ সৈতে সমানে আগুৱাই যাবলৈ সক্ষম হোৱা নাই । বিভিন্ন কাৰণত এই জনগোষ্ঠীটো বিভিন্ন দিশত শোষিত-বঞ্চিত হৈ পিচপৰি আছে । প্ৰায় ৬৫ লাখ জনসংখ্যাৰ চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিৰ সংখ্যাও লাহে লাহে কমি আহিছে ।
লোকসভা আৰু ৰাজ্যসভাত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি :
বৃহত্তৰ অসমীয়া জাতিৰ অংগ চাহ জনগোষ্ঠীৰ প্ৰতিনিধিয়ে পূৰ্বৰে পৰা সংসদত জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি আহিছে ৷ ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ লোকসভা আৰু ৰাজ্যসভাত চাহ জনগোষ্ঠীৰ তিনিজন প্ৰতিনিধি আছিল ৷ তেওঁলোক আছিল ক্ৰমে হৰেন ভূমিজ, ভদ্ৰেশ্বৰ তাঁতী আৰু পৃথ্বী মাঝি ।
২০০৯ চনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাত জনগোষ্ঠীটোৰ তিনি প্ৰতিনিধি আছিল পৱন সিং ঘাটোৱাৰ, যোচেফ টপ্প আৰু চিলভিয়াছ কন্দপান । ২০১৪ৰ সময়ছোৱাত সংসদৰ দুয়োখন সদনত প্ৰতিনিধিত্ব কৰিছিল ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা আৰু শান্তিয়াছ কুজুৰে । অৱশ্যে কেবাটাও কাৰ্যকালত সংসদত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি এজন-দুজনো আছিল ।
লগতে পঢ়ক:চাহ বাগিচাৰ ৰাস্তাৰ বাবে কেবিনেটৰ ৮০০ কোটি টকাৰ অনুমোদন
লক্ষ্যণীয় বিষয় যে ৰাজ্যৰ অন্যতম বৃহৎ চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা পূৰ্বৰ তুলনাত বহু বৃদ্ধি পাইছে যদিও জনপ্ৰতিনিধিৰ সংখ্যা বৃদ্ধি পোৱা নাই । বৰং হ্ৰাসহে হৈছে ।
বিধানসভাত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি :
সংসদৰ দৰে অসম বিধানসভাৰো পূৰ্বৰে পৰা শোভা বৃদ্ধি কৰি আহিছে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিসকলে ৷ ১৯৮৫ চনত অসম বিধানসভাত চাহ জনগোষ্ঠীটোৰ বিধায়কৰ সংখ্যা আছিল ১১ গৰাকী ৷ সেইদৰে ১৯৯১ আৰু ২০০৬ চনৰ বিধানসভাৰ নিৰ্বাচনত ১০ গৰাকীকৈ চাহ জনগোষ্ঠীৰ বিধায়ক নিৰ্বাচিত হৈছিল ৷