গুৱাহাটী, ৩ মাৰ্চ: অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১১ টাত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু ইয়াৰ বাবে শনিবাৰে দলটোৱে প্ৰকাশ কৰে প্ৰাৰ্থী তালিকা । বাকী তিনিটা সমষ্টিৰ দুটা সমষ্টি বৰপেটা আৰু ধুবুৰী মিত্ৰদল অগপক এৰি দিয়াৰ লগতে কোকৰাঝাৰ সমষ্টিটো মিত্ৰদল ইউ পি পি এলক এৰি দিছে বিজেপিয়ে ৷
বিজেপিয়ে ১১ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতে দলটোত নতুন-পুৰণিৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে । এই সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ কয় যে যোগ্যজনে প্ৰাৰ্থিত্ব লাভ কৰিছে ।
পৰিমল শুক্লবৈদ্য দলৰ এজন যথেষ্ট পুৰণি মানুহ বুলি মন্তব্য কৰি পীযুষ হাজৰীকাই কয় যে মন্ত্ৰী যদিও পৰিমল শুক্লবৈদ্যক দলে শিলচৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । সেইদৰে ৰঞ্জিৎ দত্ত দলৰ ৰাজ্যিক সভাপতি আছিল আৰু তেওঁ দলৰ যথেষ্ট অভিজ্ঞ ব্যক্তি । দলে তেওঁক তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
আনহাতে গুৱাহাটীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা বিজুলী কলিতা মেধি দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা বুলি মন্তব্য কৰি পীযুষ হাজৰীকাই কয় যে সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব । তেওঁ লগতে কয় যে বিজেপিৰ প্ৰাৰ্থী তালিকা ভাল হৈছে বুলি সকলোৱে স্বীকাৰ কৰিছে ।
বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে বিৰোধীৰ আশা নিৰাশাত পৰিণত হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে বিৰোধী শূন্য হৈ যাব । শনিবাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে বিৰোধী নিস্তব্ধ-নিতাল হৈ যোৱাৰ বিপৰীতে বিজেপিৰ বিজয় নিশ্চিত হৈছে বুলি তেওঁ কয় ।