অসম

assam

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 5:29 PM IST

ETV Bharat / politics

কংগ্ৰেছত আছিল কাৰ্যকৰী সভাপতি, বিজেপিত উপ-সভাপতি হ’লগৈ ৰাণা গোস্বামী

Rana Goswami : কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাণা গোস্বামীলৈ বিষয়বাব ৷ কংগ্ৰেছৰ সমালোচনাৰ উত্তৰ দি আজি ৰাণা গোস্বামীক বিজেপিয়ে ৰাজ্যিক উপ-সভাপতিৰূপে নিযুক্তি দিয়ে ৷

Rana Goswami
বিজেপিত উপ-সভাপতি হ’লগৈ ৰাণা গোস্বামী

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আজি হ’লগৈ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৷ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাণা গোস্বামীলৈ দলৰ বিষয়বাব ৷ আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উপ-সভাপতি ৰূপে নিযুক্তি দিয়ে ন-বিজেপি নেতা ৰাণা গোস্বামীক ৷ 29 ফেব্ৰুৱাৰীত দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ৰাণা গোস্বামীয়ে ৷ কংগ্ৰেছৰ পৰা বিধায়ক হোৱাৰ উপৰিও দলটোৰ ৰাষ্ট্ৰীয় সম্পাদকৰ পদতো ৰাণা গোস্বামীয়ে কাৰ্যনিৰ্বাহ কৰিছিল ৷

বিজেপিত উপ-সভাপতি হ’লগৈ ৰাণা গোস্বামী

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছত মোক্ষম আঘাত হানি বিজেপিত যোগদান কৰাৰ পিচত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ৰাণা গোস্বামী ৷ আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাণা গোস্বামীক সমালোচনা কৰি বিজেপিক আহ্বান জনাইছিল যে কংগ্ৰেছৰ পৰা বিজেপিলৈ লৈ যোৱা নেতা সকলক যাতে বিজেপিয়ে আলৈ-আথানি নকৰে ৷ পিচফালে শেষৰ শাৰীৰ চকীত যাতে নবহুৱায় ৷ তাৰ পিচতেই ভূপেন বৰাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেঁও নিজেই এক উদাহৰণ ৷ কংগ্ৰেছৰ পৰা অহা লোকেই এতিয়া বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ আছে বুলি ভূপেন বৰাক কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ইয়াৰ পিচতেই কংগ্ৰেছৰ সমালোচনাৰ উত্তৰ দি আজি ৰাণা গোস্বামীক বিজেপিয়ে ৰাজ্যিক উপ-সভাপতিৰূপে নিযুক্তি দিয়ে ৷

বিজেপিত যোগদানৰ পিচৰ পৰাই সমালোচিত হৈ আছে ৰাণা গোস্বামী ৷ 1 ফেব্ৰুৱাৰীৰ দিনা সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ এৰি তেওঁ আন দলত যোগদান কৰাৰ প্ৰসংগত কৰা প্ৰশ্নত এক বিশেষ প্ৰত্যাহ্বান জনাইছিল ৷ পিতৃপ্ৰদত্ত 5 কঠা মাটি বিশেষ চৰ্ত বিশেষে কাৰোবাৰ নামত লিখি দিব বুলি ঘোষণা কৰি ৰাণা গোস্বামীয়ে আন দলত যোগদান নকৰে বুলি দৃঢ়তাৰে কৈছিল ৷

ৰাণা গোস্বামীয়ে কৈছিল, ‘‘মই অন্য দলত যোগদান কৰা কথা উলিয়াই মোৰ বিৰুদ্ধে একাংশই ৰাজনৈতিক ষড়যন্ত্ৰ চলাইছে ৷ এয়া সম্পূৰ্ণৰূপে মিছা কথা ৷ এই চৰ্চাৰ একো ভিত্তি নাই ৷ যদিহে কোনোৱে মোক অন্য দলৰ সৈতে যোগাযোগ কৰিছো বুলি প্ৰমাণ দিব পাৰে, তেন্তে প্ৰমাণ দিওতাক মই পৈতৃক সম্পত্তিৰ 5 কঠা মাটি লিখি দিম ৷’’

পিছে দৃঢ়তাৰে কোৱা সকলো কথা মিছা বুলি প্ৰমাণিত হ’ল ৷ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰে 28 ফেব্ৰুৱাৰীত ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ 28 ফেব্ৰুৱাৰীত পদত্যাগ পত্ৰ প্ৰেৰণ কৰি 29 ফেব্ৰুৱাৰীত তেওঁ যোগদান কৰে বিজেপিত ৷ ইয়াৰ পিচতেই আজি বিজেপিয়ে তেওঁক উপ-সভাপতি ৰূপে নিযুক্তি দিয়ে ৷ পিছে পদ দিলেও, বিজেপিত ৰাণা গোস্বামীয়ে গুৰুত্ব কিমান পাব সেয়া হ’ব মনকৰিবলগীয়া ৷

লগতে পঢ়ক :কংগ্ৰেছ ত্যাগ নকৰে প্ৰদ্যুৎ বৰদলৈয়ে: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details