নিউজ ডেস্ক, ৬ জুন :৯ জুনত দ্বিতীয় কাৰ্যকালৰ বাবে ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্ঠাপক প্ৰেম সিং তামাঙে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ বুধবাৰে সংবাদ সংস্থা ANI ক সদৰী কৰে এই তথ্য ৷ ৰাজ্যখনৰ ৰাজধানী গেংটকৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান ।
সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে পাঁচ বছৰৰ পূৰ্বে হোৱাৰ দৰেই ৯ জুনত পালজোৰ ষ্টেডিয়ামত নতুন মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব । ছিকিমৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক লোকৰ লগতে এছ কে এম কেডাৰেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ কয় ।
ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও দুয়োটা সমষ্টিতে তেওঁ পৰাজিত হয় । তামাঙে নিৰ্বাচনত জয়ী হৈ দলীয় কৰ্মী-সমৰ্থকসকলক সম্বোধন কৰি তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।