অসম

assam

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 9:23 PM IST

ETV Bharat / politics

মিত্ৰতা হ'ব নেকি কংগ্ৰেছ-বি পি এফৰ মাজত ? AIUDFৰো BPFলৈ মিত্ৰতাৰ প্ৰস্তাৱ

Congress BPF Alliance: বিপিএফ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাৰ সম্ভাৱনা ৷ কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত প্ৰাৰ্থী দিয়াক লৈ মিত্ৰতা হোৱাৰ সম্ভাৱনা দল দুটাৰ মাজত ৷

কংগ্ৰেছ বিপিএফ মিত্ৰতা
Congress BPF Alliance

গুৱাহাটী, ৬ মাৰ্চ: মিত্ৰতা হ’ব নেকি বিপিএফ আৰু কংগ্ৰেছৰ মাজত ? বিটিএডিৰ অন্তৰ্গত লোকসভা সমষ্টি কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত প্ৰাৰ্থী দিয়াক লৈ মিত্ৰতা হ’ব নেকি বিপিএফ আৰু কংগ্ৰেছৰ মাজত ? এই লৈ এতিয়া বিভিন্ন চৰ্চা চলি আছে ।

উল্লেখ্য যে বুধবাৰে কংগ্ৰেছৰ একাংশ নেতৃত্ব আৰু বি পি এফৰ নেতৃত্বৰ মাজত এখন চাহমেল গোপনে অনুষ্ঠিত হৈছিল । উক্ত বৈঠকত লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বি পি এফৰ মাজত মিত্ৰতাক লৈ আলোচনা হোৱা বুলি চৰ্চা হৈছে । অৱশ্যে এই আলোচনাৰ কথা কংগ্ৰেছ দলৰ পক্ষৰ পৰা অস্বীকাৰ কৰা নাই ।

এই সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বিপিএফৰে মিত্ৰতা সন্দৰ্ভত বুধবাৰে সাংবাদিকৰ সন্মুখত কয় যে ২০২১ চনত বিপিএফে কংগ্ৰেছৰ সহযোগত চাৰিখনমান আসন লাভ কৰিছিল । কিন্তু তাৰ পিচত তেওঁলোকে কিবা কাৰণত কংগ্ৰেছৰ লগত সহযোগ কৰাৰ বিপৰীতে চৰকাৰী পক্ষৰ সমৰ্থনত কথা কোৱা আৰম্ভ কৰিলে ৷ এতিয়া কিবা ডেভলপমেণ্ট হোৱা বুলি জানিব পাৰিছো যদিও সভাপতিয়ে বিতংভাৱে ক'ব পাৰিব ।

ইপিনে বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিপিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত কয় যে বিজেপিয়ে ইউপিপিএলৰ লগত মিত্ৰতা কৰিছে । সেইফালৰ পৰা বি‌পিএফে কংগ্ৰেছৰ লগত মিত্ৰতা কৰাৰ অৱকাশ‌ আছে । কিন্তু এই কথা এতিয়াও স্পষ্ট হোৱা নাই ।

আনহাতে কংগ্ৰেছৰ বিধায়ক জাকিৰ‌ হুছেইন শিকদাৰে এই সন্দৰ্ভত কয় যে নিৰ্বাচনৰ আগত কোনো দুটা ৰাজনৈতিক দল চাহ খাবলৈ এনেই নবহে । মিত্ৰতা আদি বিষয় আলোচনা কৰাৰ বাবেহে চাহ-পানী খায় ।

তেওঁ কয়, ‘‘বিপিএফৰ লগত আমাৰ কথা চলি আছে । কংগ্ৰেছৰ তিনিটা চৰ্ত মানিলেহে হ’ব মিত্ৰতা‌‌ ।’’ উল্লেখ্য বিজেপিয়ে ইতিমধ্যে ১১ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । ইয়াৰ ভিতৰত দৰং-ওদালগুৰি সমষ্টি আছে ।‌ দৰং-ওদালগুৰি সমষ্টিত দিলীপ শকীয়াক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে ।

আনহাতে বৰপেটা,‌ ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টি বিজেপিক আৰু কোকৰাঝাৰ সমষ্টিক ইউপিপিএলক এৰি দিছে । লক্ষ্যণীয় যে অগপ আৰু ইউপিপিএলে এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই ।‌

ঠিক সেইদৰে কংগ্ৰেছ আৰু বিপিএফ দলে এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই । অৱশ্যে এ আই ইউ‌ ডি এফে ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁৱত প্ৰতিদ্বন্দিতা কৰাৰ কথা‌ ঘোষণা কৰিছে । ইপিনে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ইতিমধ্যে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টিৰ নিৰ্বাচনত বিপিএফে সহায়‌ বিচাৰিলে সহায়‌ কৰিম বুলি সদৰী কৰিছে ।‌

গতিকে এনে পৰিস্থিতিত বিপিফিএফে আগন্তুক নিৰ্বাচনত কাৰ লগত মিত্ৰতা‌ কৰি‌ নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেয়া সময়হে ক’ব । উল্লেখ্য যে এই সন্দৰ্ভত জানিবৰ‌ বাবে বিপিএফৰ‌ নেতৃত্বৰ লগত যোগযোগ কৰা হৈছিল যদিও মতামত দিয়াৰ‌ পৰা বিৰত থাকে ।

লগতে পঢ়ক:দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছ-বিপিএফৰ গোপন বৈঠক !

ABOUT THE AUTHOR

...view details