গুৱাহাটী,৩ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে বৃদ্ধি পাইছে বোকা ছটিওৱাৰ ৰাজনীতি । নিৰ্বাচনী প্ৰচাৰৰ নামত শাসক-বিৰোধী উভয়ে যেন পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে ।
উল্লেখ্য যে তিনিটা পৰ্যায়ত অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ১৯ এপ্ৰিলত পাঁচটা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । যাৰ বাবে এতিয়া সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নির্বাচনী প্ৰচাৰ । এই প্ৰচাৰসমূহত নেতাৰ মুখত নানা কথা শুনিবলৈ পোৱা হৈছে । কিন্তু এই কথাবোৰৰ মাজত জনতাৰ সমস্যাৰ কোনো স্থান নাই ।
অৱশ্যে বিৰোধীয়ে জনতাৰ সমস্যাৰ কথা চৰ্চালৈ আনে যদিও শাসকীয় পক্ষক সমালোচনা কৰাৰ বাবেহে প্ৰয়োগ কৰে । ভোটৰ স্বাৰ্থত নেতা তথা প্ৰাৰ্থী সকল ৰাইজৰ কাষলৈ গৈছে যদিও ৰাইজৰ সমস্যা তথা অভাৱ-অভিযোগক লৈ তেওঁলোকৰ বিশেষ কোনো গুৰুত্ব নাই । ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহৰ কথা কোনো নেতাৰে মুখত সবলভাৱে ওলোৱা নাই ।
ইয়াৰ বিপৰীতে প্ৰায় সংখ্যক নেতাৰে মুখতে কেৱল তৰল মন্তব্য । পৰস্পৰে পৰস্পৰক সমালোচনা কৰাই যেন বৰ্তমান সময়ৰ নিৰ্বাচনী প্ৰচাৰ । কোনোৱে যদি প্রতিপক্ষ জিকিলে হাত কাটি দিম বুলি উচ্চ-বাচ্য কৰিছে আন কোনোৱে আকৌ বিৰোধী প্রার্থী জয়ী হ'লে ইচ্ছা মৃত্যুবৰণ কৰিব বুলি ঘোষণা কৰিছে । মুঠৰ ওপৰত প্ৰকৃত বিষয়সমূহৰ পৰা বহু দূৰৈত অৱস্থান কৰিছে ৰাজনৈতিক নেতা তথা প্ৰাৰ্থীসকলে ।
এশ-এবুৰি সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ জ্বলন্ত সমস্যা সমূহ যেন এতিয়া পাহৰণিৰ গৰ্ভত । বাক-চাতুৰ্যতাৰে কোনে কাক ধৰাশায়ী কৰিব পাৰে তাৰেই যেন এতিয়া চলিছে প্ৰতিযোগিতা । মুখ্যমন্ত্রীৰ পৰা আৰম্ভ কৰি শাসকীয় দলৰ নেতা-মন্ত্রীকে ধৰি সকলোৱে এতিয়া বিৰোধী শিবিৰক আক্ৰমণৰ লক্ষ্য কৰি মন্তব্য কৰা পৰিলক্ষিত হৈছে । একেদৰে বিৰোধী শিবিৰেও শাসকীয় দলকে টাৰ্গেট কৰি মন্তব্য কৰি আহিছে ।
সৌ সিদিনা বৰপেটাৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ জয়ী হ'লে তেওঁ হেনো ইচ্ছা মৃত্যু বৰণ কৰিব লাগিব বুলি মন্তব্য কৰিছিল । সেইদৰে মন্ত্রী ৰণজিৎ কুমাৰ দাসে আকৌ মনোৰঞ্জন তালুকদাৰ জয়ী হ'লে তেওঁ হেনো নিজৰ হাত এখনকে কাটি পেলাব বুলি মন্তব্য কৰিছিল । মুঠতে নিৰ্বাচনৰ নামত সকলো ব্যস্ত মুখ-চুপতিত ।
ইফালে ধুবুৰীৰ এ আই ইউ ডি এফৰ প্রার্থী বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ মাজতো বাকযুদ্ধ চৰম পৰ্যায়ত উপনীত হৈছে । সাংসদ আজমলে ৰকিবুল হুছেইনক আক্ৰমণ কৰিবলৈ গৈ ৰকিবুল হুছেইনৰ শক্তি নাই বাবে এটা সন্তান জন্ম দিয়া বুলি অতি নিৰ্লজ্জ মন্তব্য কৰিছে । লগতে আমাৰ শক্তি আছে বাবে সাতটা সন্তান জন্ম দিছোঁ বুলিও মন্তব্য কৰিছে সাংসদ আজমলে ।