ডিব্ৰুগড়, 17 মাৰ্চ: শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচদিনাই আম আদমি পাৰ্টীৰ প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে আৰক্ষীয়ে ৷ এখন সভালৈ গৈ থকাৰ অৱস্থাতে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ পৰা জব্দ কৰে নগদ ধনখিনি ৷
লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ ৷ ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসক দল বিজেপিয়ে ১২ টা লোকসভা সমষ্টিত আসন লাভ কৰাৰ দাবীৰে ইতিমধ্যে ডিব্ৰুগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
সমান্তৰালভাৱে ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যদিও আম আদমি পাৰ্টীয়ে ডিব্ৰুগড়ত নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি প্ৰচাৰ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে দেওবাৰে টিংখাং সমষ্টিৰ বাজিপহুমৰা বুধবৰীয়া বজাৰ প্ৰেক্ষাগৃহত আম আদমি পাৰ্টীৰ উদ্যোগত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী ।