অসম

assam

ETV Bharat / politics

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : প্ৰধানমন্ত্ৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

3RD PHASE POLLS : দেশৰ ৯৩ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । গুজৰাটৰ নিশান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাব্যস্ত কৰিলে ভোটদান । কিছু সময়ৰ পাচতে গৃহমন্ত্ৰী অমিত শ্বাহেও কৰিব ভোটাধিকাৰ সাব্যস্ত ।

Lok Sabha Election 2024
প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়েও কৰিব ভোটদান (ANI)

By ANI

Published : May 7, 2024, 9:51 AM IST

Updated : May 7, 2024, 10:59 AM IST

নেশ্যনেল ডেস্ক, ৭ মে' :আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে । তৃতীয় পৰ্যায়ত ১৩০০ৰো অধিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব দেশৰ প্ৰায় ১৭ কোটি ভোটাৰে ।

আজি পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ । ইফালে গুজৰাটৰ গান্ধীনগৰৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও লোকসভা নিৰ্বাচনৰ এই তৃতীয় পৰ্যায়ত ভোটদান কৰিব । তৃতীয় পৰ্যায়ত শাসকীয় দলৰ আৰু বিৰোধী ইণ্ডিয়া ব্লকৰ কেইবাগৰাকী বিশিষ্ট নেতাৰ ভাগ্য নিৰ্ণয় হ'ব ।

ভোটগ্ৰহণৰ এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে প্ৰধানমন্ত্ৰীয়ে এক্সৰ জৰিয়তে সকলোকে ভোটদানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । তেওঁ কয় যে ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ কাৰ্যসূচীৰ পিচত মঙলবাৰে পুৱাই তেওঁ ভোটদানৰ বাবে গুজৰাটত উপস্থিত হ'ব ।

ইফালে প্ৰধানমন্ত্ৰীৰ ভোটকেন্দ্ৰ নিশান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । প্ৰশাসনে নিৰাপত্তাৰ সকলো ব্যৱস্থা কৰিছে আৰু অতিৰিক্ত নিৰাপত্তা বাহিনীও মোতায়েন কৰিছে ।

লক্ষণীয়ভাৱে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অতি গুৰুত্বপূৰ্ণ । কিয়নো নিৰ্বাচন অনুষ্ঠিত হোৱা ৯৩ খন আসনৰ ভিতৰত দেশৰ কেইবাগৰাকী বিশিষ্ট নেতাক প্ৰাৰ্থী হিচাপে দেখা গৈছে । সেইসকল বিশিষ্ট প্ৰাৰ্থী হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু দিগ্বিজয় সিং, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া, সমাজবাদী পাৰ্টীৰ নেতা ডিম্পল যাদৱ আৰু এনচিপি (এছপি)ৰ নেতা সুপ্ৰিয়া চুলে ।

লগতে পঢ়ক :দেশৰ ১২ খন ৰাজ্যৰ ৯৩ টা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ - Lok Sabha Election 2024

Last Updated : May 7, 2024, 10:59 AM IST

ABOUT THE AUTHOR

...view details