গুৱাহাটী, 25 এপ্ৰিল :দেশত এতিয়া বলি আছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ । দেশৰ সমান্তৰালকৈ ৰাজ্যতো সমানে বলিছে নিৰ্বাচনী বা । যাৰ বাবে সকলো ৰাজনৈতিক দল তথা প্ৰাৰ্থী ব্যস্ত । ভোটাৰক আকৰ্ষিত কৰাৰ বাবে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ ।
বিভিন্ন ঠাইত পাতিছে নিৰ্বাচনী সভা, অংশ লৈছে ৰোড শ্ব’ত । অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ ইতিমধ্যে প্ৰথম পৰ্যায় সমাপ্ত হৈছে ৷ অৱশ্যে বাকী দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক নেতা-কৰ্মীক ব্যাপক প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে ৷ কণমান ৰ’ৱলৈয়ো যেন তেওঁলোকৰ আহৰি নাই ৷
তথ্য অনুসৰি, দেশত এইবাৰ যুৱ ভোটাৰৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । দেশ তথা বিশেষকৈ অসমত যুৱ প্ৰজন্ম তথা নতুনকৈ ভোটাধিকাৰ লাভ কৰা ছাত্ৰ সমাজে এইবাৰৰ নিৰ্বাচনত এক বিশেষ ভূমিকা ল’ব বুলি ধাৰণা কৰা হৈছে । এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ মহানগৰীৰ এখন আগশাৰী মহাবিদ্যালয় বেলতলা মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰিছে । তেওঁলোকে কি বিচাৰে, তেওঁলোকৰ মনলৈ কেনেধৰণৰ ভাব-ধাৰণা আহিছে জানেনে ?
ইটিভি ভাৰত, অসম সন্মুখত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে নিজৰ মতামত দাঙি ধৰে শিক্ষাৰ্থীসকলে ৷ তেওঁলোকে দেশত এখন কল্যাণকামী আৰু সকলো শ্ৰেণীৰ লোকৰ সহায় হোৱাকৈ কাম কৰা চৰকাৰ আশা কৰিছে । যিয়ে ভৱিষ্যতে দেশ তথা জাতিটোৰ হৈ কাম কৰে । একাংশ ছাত্ৰই দেশত পৰৱৰ্তী চৰকাৰ যিয়ে নহওঁক যাতে সেই চৰকাখনে দেশত দিনক দিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যা সমাধান, নিত্য ব্যৱহাৰ্য কিম্বা প্ৰযোজনীয় সামগ্ৰীৰ লগতে ঔষধ আদিৰ মূল্যবৃদ্ধি ৰোধ কৰা, পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ৷ তেনে এখন চৰকাৰ বিচাৰে বেলতলা মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ।