নলবাৰী, ৯ আগষ্ট : বহু জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰায়সকল নেতাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই ৷ নলবাৰী ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে ৷
অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰা পিছতে বিজেপিৰ নলবাৰী জিলাৰ কৰ্মকৰ্তাই সংবাদমেল অনুষ্ঠিত কৰি বহু অভিযোগ উত্থাপন কৰে নেতাগৰাকীৰ বিৰুদ্ধে ৷ নলবাৰীৰ বিজেপি নেতা পংকজ ডেকাই কয়, ‘‘ উচ্চাকাংক্ষা আছে অশোক শৰ্মাৰ ৷ অশোক শৰ্মাই ভাবিছে তেওঁ গ’লে সকলো পুৰণি মানুহ যাব ৷ তেওঁৰ ত্যাগ থকা বুলি নাভাবো ৷ তেওঁলোকৰ মুখতে শুনিছিলো কংগ্ৰেছ অস্পৃশ্য দল বুলি ৷ আজি সেই দলৰে শৰণাপন্ন হ’ল ৷ কংগ্ৰেছত টিকট নাপালে তেওঁ আজমলৰ শৰণাপন্ন হ’ব ৷’’
আনহাতে বিজেপি নেতা নন্দলাল সৰকাৰে কয়, ‘‘অশোক শৰ্মা কোনো দলৰ পৰাই দলীয় টিকট পোৱাৰ যোগ্য নহয় ৷ অশোক শৰ্মাই ব্যক্তিগত স্বাৰ্থৰ বাবে কংগ্ৰেছ, এ আই ইউ ডি এফৰ পৰা টকা লৈ দলৰ প্ৰাৰ্থীৰ বিৰোধিতা কৰিছিল ৷ তেখেত যোৱাটো ভাৰতীয় জনতা পাৰ্টীৰ বাবে মংগল হৈছে ৷"
উল্লেখ্য যে অশোক শৰ্মা বিজেপিৰ ধূলিকণাহে আছিল বুলি মন্তব্য কৰে নলবাৰী বিজেপিৰ কৰ্মকৰ্তাই ৷ অশোক শৰ্মাৰ বিজেপি ত্যাগে দলৰ একো ক্ষতি নকৰে বুলি সংবাদমেলত বিজেপি নেতাই মন্তব্য কৰে ৷ যিজন মানুহে বিজেপি দলৰ আদৰ্শ দেখুৱাইছিল সতীৰ্থ কৰ্মীসকলক, সেইগৰাকী নেতাই কংগ্ৰেছত যোগদান কৰাত একো ক্ষতি নকৰে বুলি মন্তব্য কৰে ৷