অসম

assam

ETV Bharat / politics

মই যদি নিমকি গুণ্ডা হিমন্ত বিশ্ব শৰ্মা ৰিভলভাৰ লোৱা গুণ্ডা: ৰকিবুল হুছেইন - ASSAM BYE ELECTIONS 2024

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ একালৰ বন্ধু ৰকিবুল হুছেইন । হিমন্ত বিশ্ব শৰ্মা উগ্ৰপন্থী । এই বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনৰ ।

Rakibul Hussain attack Assam CM
মুখ্যমন্ত্ৰীক উগ্ৰপন্থী আখ্যা ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 4:44 PM IST

নগাঁও:ক্ৰমাৎ তুংগত উঠিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ মাজৰ বাকযুদ্ধ । এইবাৰ একালৰ বন্ধু তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰি সংবাদ মাধ্যম সম্বোধন ৰকিবুল হুছেইনৰ ।

বৃহস্পতিবাৰে ৰকিবুল হুছেইনক নিমকি গুণ্ডা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দি শুকুৰবাৰে ৰকিবুল হুছেইনে কৰিলে আৰু বহু বিস্ফোৰক মন্তব্য । আনকি হিমন্ত বিশ্ব শৰ্মাক উগ্ৰপন্থী বুলিও বিস্ফোৰণ ঘটাই ৰকিবুল হুছেইনে ।

মুখ্যমন্ত্ৰীক উগ্ৰপন্থী আখ্যা ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

শুকুৰবাৰে নিজা বাসগৃহত সংবাদমেল সম্বোধন কৰি ৰকিবুল হুছেইনৰ মন্তব্য, "চামগুৰি সমষ্টিৰ একাংশ চাহ শ্ৰমিকক বৃহস্পতিবাৰে হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ যাবলৈ বাধ্য কৰোৱা হৈছিল ।"

তেওঁ কয়, "হিমন্ত বিশ্ব শৰ্মাৰ জোৰটো এনকাউণ্টাৰ । লগতে মিঞা গাঁৱত হাজিৰা কাম কৰি আমলখিৰ চাহ শ্রমিক চলিবলগীয়া হৈছে । এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনীয়ে নিৰ্বাচন চলাই আছে ।"

আনহাতে, ধুবুৰীৰ সাংসদগৰাকীয়ে বিভিন্ন ভোট কেন্দ্ৰত দুই নম্বৰী কৰিবলৈ নগাঁৱৰ 51 গৰাকী আৰক্ষীক বদলি কৰা বুলিও সংবাদমেলত উল্লেখ কৰে । এই সন্দৰ্ভত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃবৰ্গই নিৰ্বাচন আয়োগক অভিযোগ দিয়াৰ কথাও উল্লেখ কৰে ।

চামগুৰিৰ লৰিৰমুখত ৰকিবুল হুছেইনক হত্যা কৰিবলৈ লৰিৰমুখৰ বাসগৃহত এটা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি বিচাৰি ফুৰা বুলিও অভিযোগ ৰকিবুল হুছেইনৰ । আনহাতে, তৰুণ গগৈৰ দিনত হোৱা নিযুক্তিত জালুকবাৰীত কিমানে চাকৰি পালে তাৰ হিচাপ কৰিবলৈয়ো হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ৰকিবুল হুছেইনে ।

ইয়াৰ উপৰি সেই সময়ত তেওঁৰ ঘৰত OMR SHEET এটা নিৰ্দিষ্ট কলমেৰে R আখৰৰ এজনে পূৰ্ণ কৰি বহুজনক চাকৰি দিয়া বুলিও বিস্ফোৰক অভিযোগ ৰকিবুল হুছেইনৰ । শিক্ষা মন্ত্ৰী হৈ থাকোতে টে'ট পৰীক্ষাৰ প্ৰশ্ন আগতীয়াকৈ দিয়াৰ কথাও উল্লেখ কৰে ৰকিবুল হুছেইনে।

ৰাকেশ পাল গ্ৰেপ্তাৰ হোৱাৰ সময়ত হিমন্তৰ কাগজ লুকুৱাইছিল বুলিও আন এক বিস্ফোৰণ ৰকিবুলৰ । সংবাদমেলত ৰকিবুল হুছেইনৰ মন্তব্য, "হাতত বন্দুক লৈ তেওঁ ধন বিচাৰিবলৈ গৈ ধৰা পৰিছিল । জে'ললৈ গৈছিল, কিন্তু আত্মসমৰ্পণ কৰা নাই ।" তেওঁ কেতিয়া আত্মসমৰ্পণ কৰিলে বুলিও প্ৰশ্ন উত্থাপন ৰকিবুল হুছেইনৰ । "যদি তেওঁ আত্মসমৰ্পণ কৰা নাই তেন্তে এতিয়াও তেওঁ উগ্ৰপন্থী । উগ্ৰপন্থী হৈ গৃহ বিভাগৰ দায়িত্ব লৈছে ।" এই বিস্ফোৰক মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ ।

লগতে পঢ়ক :ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই: চামগুৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ
লগতে পঢ়ক :চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা, কংগ্ৰেছ কাৰ্যালয়ত অগ্নিসংযোগ

ABOUT THE AUTHOR

...view details