গুৱাহাটী, 21 এপ্ৰিল : মনোনয়ন খাৰিজ হোৱাৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কোকৰাঝাৰৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ জাতিগত প্ৰমাণ পত্ৰক লৈ বিতৰ্কত সোমাই পৰা নৱ কুমাৰ শৰণীয়াৰ তৃতীয়বাৰৰ বাবে সাংসদ হোৱাৰ সপোন পূৰণ নোহোৱাৰ দিশে ৷ দেওবাৰে নিৰ্বাচনী বিষয়াই খাৰিজ কৰিলে নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন ৷ মনোনয়ন খাৰিজ কৰাৰ পাচতে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদগৰাকীয়ে ৷
নিজৰ প্ৰতিক্ৰিয়াত সাংসদ শৰণীয়াই কয় যে তেওঁৰ মনোনয়ন খাৰিজ হ'লেও সমষ্টিটোত তেওঁলোকৰ দুগৰাকী প্ৰাৰ্থী ঘনশ্যাম দাস আৰু বিনীতা ডেকা আছে ৷ সোমবাৰে মনোনয়ন প্ৰত্যাহাৰৰ দিন আছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে তেওঁৰ মনোনয়ন খাৰিজ কৰাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ বাবে চেষ্টা চলাই থকা হৈছে ৷ সোমবাৰে কোনো ফলাফল নাহিলেও এজন প্ৰাৰ্থী সমষ্টিটোত থাকিব বুলি উল্লেখ কৰি তেওঁ নিজৰ সমৰ্থক আৰু শুভাকাংক্ষী সকলক নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনায় ৷
তেওঁ কয় যে এইখিনি সময়ত কোকৰাঝাৰ সমষ্টিৰ ভোটাৰ ৰাইজৰ কাষত থকাটো জৰুৰী ৷ যিমানেই ষড়যন্ত্ৰ নকৰক কিয় আমি হাৰ নামানো বুলি উল্লেখ কৰি তেওঁ কয় যে আমি আমাৰ সিদ্ধান্তত অটল আছো ৷ তেওঁ সকলো সময়তে সমষ্টিবাসী ৰাইজৰ লগত থকাৰ কথা প্ৰকাশ কৰি কয় যে আমি নিশ্চিতভাৱে জয়ী হ'ব লাগিব ৷ উল্লেখ্য যে কোকৰাঝাৰ সমষ্টিত নৱ কুমাৰ শৰণীয়াই কোৱাৰ দৰে দুগৰাকী প্ৰাৰ্থী ঘনশ্যাম নাথ আৰু বিনীতা ডেকাই মনোনয়ন দাখিল কৰিছে ৷ ঘনশ্যাম দাসে নিৰ্দলীয় হিচাপে আৰু বিনীতা ডেকাই গণ সুৰক্ষা পাৰ্টীৰ হৈ মনোনয়ন দাখিল কৰিছে ৷ ইতিমধ্যে দুয়োগৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ হিচাপে গ্ৰহণ কৰা হৈছে ৷