যোৰহাট, ১৪ ফেব্ৰুৱাৰী :আজি মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে তেওঁলোকৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । যোৰহাটত অনুষ্ঠিত আলি আয়ে লৃগাঙত অংশগ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈৱে । মিচিং জনগোষ্ঠীয় পম্পৰাগত খাদ্য আৰু আপঙৰ সোৱাদ লৈ সাংসদগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কয় , " বিজেপি দলৰ জনপ্ৰিয়তা হ্ৰাস পাইছে । "
আনহাতে, কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিত যোগদানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," বিজেপি দলৰ সংখ্যাৰ প্ৰয়োজন নাই । যদি বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিত যোগদান কৰিছে তেতিয়াহ'লে এই যোগদানে এই কথা সুচায় যে বিজেপি দলৰ জনপ্ৰিয়তা হ্ৰাস পাইছে । কংগ্ৰেছৰ জনপ্ৰিয়তাত শংকিত হৈছে ।" সাংসদগৰাকীয়ে কয় যে বিজেপিৰ প্ৰতি মানুহৰ আস্থা কমি যোৱাৰ লগতে পূৰ্বৰ তুলনাত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । ফলত ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে । এনে যোগদানে কংগ্ৰেছৰ শক্তিৰ ক্ষতি কৰিব নোৱাৰে । কাৰণ কংগ্ৰেছ এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ নকৰে ।