অসম

assam

ETV Bharat / politics

কংগ্ৰেছৰ দুৰ্গত ১৫ হাজাৰ ভোটত লীড ল’ব তপন গগৈয়ে ! - Lok Sabha Election 2024

Topon Kumar Gogoi: বিজেপিৰ ভেটি খহাব পৰা কোনো শক্তি নাই এতিয়া ভাৰতত ৷ বিজেপি বিশ্বৰ অন্যতম বৃহৎ দল ৷ এই মন্তব্য তপন কুমাৰ গগৈৰ ৷

Topon Kumar Gogoi
তিতাবৰত তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 9:10 PM IST

তিতাবৰত তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

যোৰহাট, 9 এপ্ৰিল:ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । কোনো ত্ৰুটি নৰখাকৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়েও ।

মঙলবাৰে তিতাবৰ বিধানসভা সমষ্টিত বিজেপি প্ৰার্থী তপন কুমাৰ গগৈয়ে জোৰদাৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হয় ৷ সমষ্টিটোত ১০ খনকৈ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থীগৰাকীয়ে । পুৱা ৰঙাজানৰ চেঁচা সত্ৰ তিনিআলিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিচতে লাইট ন-চুঙিৰ নিৰ্বাচনী সভা আৰু যোগদান সভাত অংশগ্ৰহণ কৰি বিজেপিক ভোট দিবলৈ আহ্বান জনায় তপন কুমাৰ গগৈয়ে ।

উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পিচত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তপন কুমাৰ গগৈয়ে কয় যে যোৰহাট লোকসভা সমষ্টিত তেওঁ দুই লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব । আনহাতে তেওঁ কয় যে তিতাবৰ বিধানসভা সমষ্টিত বিজেপিয়ে ১৫ হাজাৰ ভোটত আমি লীড ল'ব আৰু বিজেপিৰ ভেটি খহাব পৰা কোনো শক্তি নাই ৷

বিজেপি বিশ্বৰ অন্যতম এক বৃহৎ দল বুলি মন্তব্য কৰে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে । তাৎপৰ্যপূৰ্ণ যে ১৪ নং যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ ফলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক, ৰাজ্যিক বিজেপি শীৰ্ষ নেতৃত্বই ধাৰাবাহিকভাৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত জপিয়াই পৰিছে । সময়েহে ক’ব যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে নে তপন কুমাৰ গগৈয়ে শেষ হাঁহি মাৰিব ৷ সেয়া অপেক্ষা কৰিব লাগিব ৪ জুনলৈ ।

লগতে পঢ়ক:কাজিৰঙাত কি ভূমিকা ল'ব সংখ্যালঘু আৰু চাহ বাগিচাৰ ভোটাৰে ?

ABOUT THE AUTHOR

...view details