গুৱাহাটী, ২১ ফেব্ৰুৱাৰী:বিধানসভাত সততে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ সুৰ সলনি হ’ল । সদনত চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰা বিৰোধীৰ অন্যতম বিধায়কৰ ভিতৰত এজন আছিল কমলাক্ষ দে’ পুৰকায়স্থ ।
কিন্তু সৌ সিদিনা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে হঠাতে বিজেপি চৰকাৰৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হোৱা কমলাক্ষ দে’ৰ আজি সুৰ সলনি হ’ল ৷ সমালোচনাৰ বিপৰীতে চৰকাৰক প্ৰশংসাৰে উপচাই পেলালে কমলাক্ষ দে’ পুৰকায়স্থই । বুধবাৰে বিধানসভাত কৃষি বিভাগৰ বাজেট কৰ্তন প্ৰস্তাৱ চলি থকা সময়তে অধ্যক্ষৰ পৰা দুই মিনিট সময় লৈ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে মুখ্যমন্ত্ৰীক তেওঁ যিমান সন্মান কৰে, তাৰ দহগুণ বেছি তেখেতৰ মানসিকতাক সন্মান কৰে । চৰকাৰীভাৱে ধান ক্ৰয় কৰাৰ প্ৰসংগত পুৰকায়স্থই কয় যে ২০০১ চনৰ পৰা ২০১৬ চনলৈ কাৰ চৰকাৰ আছিল সেয়া সকলোৱে জানে । সেই সময়ৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ চালে দেখা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত টাৰ্গেট দি ধান ক্ৰয় কৰা হয় ।
2001ৰ পৰা 2016লৈকে এতিয়াৰ দৰে ধান ক্ৰয় কৰা দেখা নাই বুলি কয় কমলাক্ষ দে’ পুৰকায়স্থই । প্ৰথমবাৰৰ বাবে এনেদৰে লক্ষ্য দি ধান ক্ৰয় কৰা হৈছে বুলি কৈ তেওঁ কয় যে এয়া ইতিহাস । আজি ধান ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে বুলি সদৰী কৰি তেওঁ কংগ্ৰেছৰ বিধায়কসকলক উদ্দেশ্য কৰি প্ৰশ্ন কৰে যে তেওঁলোকৰ চৰকাৰ থাকোতে কি কৰিছিল ?
আজি কংগ্ৰেছক বেছি সমালোচনা নকৰে বুলি মন্তব্য কৰি বিধায়ক পুৰকায়স্থই কয় যে কৃষকৰ বাবে এইখন চৰকাৰে কৰা কামৰ বাবে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিব লৈগে । তেওঁ মুখ্যমন্ত্ৰীৰ বিচক্ষণতাক কৃতজ্ঞতা জ্ঞাপন কৰে ।