ডিব্ৰুগড়, ২ ছেপ্টেম্বৰ :ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা দিয়াৰ বাবে আৰম্ভ কৰিছিল মিছন বসুন্ধৰা নামেৰে এক আঁচনি । এই মিছন বসুন্ধৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত জড়িত ৰাজ্যৰ লাখ লাখ লোকক ভূমি অধিকাৰ প্ৰদান কৰাৰ পিচত তৃতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ।
ৰাজ্যৰ দল-সংগঠনসমূহে দাবী কৰি অহা ভূমি অধিকাৰ বিষয়টো মিছন বসুন্ধৰা আঁচনিয়ে সমাধান কৰিছে বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে হৈ যোৱা বিধানসভা অধিৱেশনত ৰাজ্যখনৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ভূমি আইন প্ৰণয়নৰ বাবে অনুমোদন লৈছে ৰাজ্য চৰকাৰে ৷
তেনে সময়ত মিছন বসুন্ধৰাৰ জৰিয়তে যাতে খিলঞ্জীয়া লোকসকলক অধিক ক্ষীপ্ৰতাৰে ভূমি অধিকাৰ দিব পাৰি তাৰ বাবে মিছন বসুন্ধৰা 3.O কাৰ্যসূচী কৰিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ । অহা ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা 3.O আৰম্ভ কৰা হ'ব বুলি আজি চৰাইদেউৰ মৰাণত ঘোষণা কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে ৷
মিছন বসুন্ধৰা 3.O ৰূপায়ণ সন্দৰ্ভত কি ক’লে ৰাজহ মন্ত্ৰীয়ে ?
বৰ্তমানৰ বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ চৰকাৰ বুলি দাবী কৰি মন্ত্ৰী যোগেন মহনে কয়, ‘‘আৰম্ভণিৰে পৰা চৰকাৰখনে খিলঞ্জীয়াৰ বাবে কাম কৰি আছে । খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে ৷ মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া ৰাইজক মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ অহা ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা 3.O আৰম্ভ কৰা হ’ব । এই মিছন বসুন্ধৰা 3.Oৰ জৰিয়তে ২০২২ চনলৈ চাহ বাগিচাত বাস কৰি থকা লোকসকলেও ভূমিপট্টা লাভ কৰিব । কিন্তু ২০২২ চনৰ পিছত অহা কোনো লোকে নাপাব ভূমি অধিকাৰ ।’’