নগাঁও, ২৩ এপ্ৰিল: দেশত এতিয়া নিৰ্বাচনৰ ঢৌৱে বতাহ গৰম কৰি ৰাখিছে । পুৱাৰ চাহকাপৰ সৈতে হাতত তুলি লোৱা বাতৰি কাকতখনৰ পৰা সন্ধিয়াৰ আড্ডালৈকে সকলোতে নিৰ্বাচনৰ বতৰাই স্থান লাভ কৰিছে । যোৱা ১৯ এপ্ৰিলত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব অহা ২৬ এপ্ৰিলত । ৰাজনৈতিক দলসমূহৰ মাজত ভোটাৰক আকৰ্ষণৰ বাবে ব্যাপক কুচকাৱাজ দেখা গৈছে ।
অসমৰ পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । এই পাঁচটা সমষ্টিৰ ভিতৰত অন্য়তম হৈছে নগাঁও সংসদীয় সমষ্টি । এইবাৰ সমষ্টিটোত বিজেপিয়ে সুৰেশ বৰাক প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
নগাঁও সমষ্টিত কোনফালে বলিছে নিৰ্বাচনী বতাহ ? ভোটাৰৰ প্ৰথম পছন্দ কোন হ'ব ? এই সম্পৰ্কে জানিবলৈ ই টিভি ভাৰতৰ সাংবাদিক কাষ চাপিছিল একাংশ লোকৰ । ২০২২ বৰ্ষতে উচ্ছেদিত নগাঁও জিলাৰ বটদ্ৰবাৰ একাংশ লোকে আজিও বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে আশ্ৰয় বিচাৰি । নিৰ্বাচনক লৈ তেওঁলোকৰ মনত নাই কোনো উছাহ । জনপ্ৰতিনিধিৰ ওপৰত যেন আস্থা হেৰুৱাই পেলাইছে এইসকল লোকে । ভোটৰ সময় আহিলেই প্ৰাৰ্থী বা দলীয় কৰ্মীয়ে আহি তেওঁলোকক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন শেষ হোৱাৰ পিচতেই সেই প্ৰতিশ্ৰুতিলৈ পিঠি দিয়ে জনপ্ৰতিনিধিয়ে ।